অসমীয়া ভাষা-সাহিত্যৰ সকলো প্ৰকাৰৰ উন্নতি, চৰ্চা, সংৰক্ষণৰ হকে সকলো ধৰণৰ ধৰ্ম-সম্প্ৰদায় তথা ৰাজনৈতিক গণ্ডীৰ ঊৰ্ধত থাকি নিয়োজিত হোৱাৰ উপৰি অসমৰ জাতীয় জীৱনৰে সংপৃক্ত শিল্প-সংস্কৃতি আৰু সমাজ সংশ্লিষ্ট বিষয়ত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কাম কৰিবলৈ আৰু অসমৰ সকলো জনগোষ্ঠীৰ মাজত সংহতি স্থাপন কৰিবলৈ ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাত ‘অসমীয়া সাহিত্য সন্মিলনী’ গঠন কৰা হয়৷ এই সন্মিলনীয়ে উল্লিখিত লক্ষ্যসমূহ পূৰণ কৰিবলৈ ৰাজ্যজুৰি এক সাংগঠনিক কাঠাম গঢ়ি তুলিছে আৰু অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰা লোকসকলক থকা অন্যান্য স্থানলৈকো ইয়াৰ সাংগঠনিক কাঠাম প্ৰসাৰিত কৰি আহিছে৷ অসমৰ জাতীয় জীৱনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উৎকৰ্ষ সম্ভৱ কৰি তুলিবলৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা সংবৰ্ধন আৰু সাহিত্যৰ ক্ষেত্ৰত এক মতাদৰ্শগত ভিত্তি গঢ়ি তোলাই হ’ল সন্মিলনীৰ প্ৰধান উদ্দেশ্য৷
২০১৩ চনৰ জুন মাহত নগাঁও জিলাত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল হীৰেন গোহাঁয়ে৷ কাৰ্যকৰী সভাপতি আছিল দিলীপ বৰা৷ অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মাধূৰ্যমণ্ডিত বৰুৱা৷ অসমীয়া সাহিত্য সন্মিলনীৰ পৰৱৰ্তী সময়ৰ সভাপতিসকল হৈছে লক্ষ্যহীৰা দাস, ২০১৫-১৭ (তেজপুৰ অধিৱেশন, জয়মতী ক্ষেত্ৰ), দিলীপ কুমাৰ দত্ত, ২০১৭-১৯ (ধুবুৰী অধিৱেশন), লোকনাথ গোস্বামী, ২০১৯-২১ (গুৱাহাটী, শিল্পগ্ৰাম অধিৱেশন), সাগৰ বৰুৱা, ২০২১-২৩ (দৈয়াং, মেৰাপানী অধিৱেশন), ৰঞ্জু হাজৰিকা, ২০২৩-২৫ (গুৱাহাটী, জ্যোতিভাৰতী অধিৱেশন), অধ্যাপক মুকুল চক্ৰৱৰ্ত্তী ২০২৫-২৭ (নলবাৰী অধিৱেশন) (অধিক)

- অসমীয়া সাহিত্য সন্মিলনীৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ আয়োজন
- অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক ‘সাহিত্য উৎসৱ’ সম্পন্ন
- অসমীয়া সাহিত্য সন্মিলনীৰ গ্ৰন্থ প্ৰকাশৰ বাতৰি
- মানৱিকীবিদ্যা বিষয়ৰ গৱেষণা আৰু প্ৰকাশনৰ বাবে প্রয়োজনীয় ডিজিটেল দক্ষতা বিষয়ক তিনিদিনীয়া কর্মশালা
- ৰাষ্ট্ৰীয় আলোচনা সত্ৰ (National Seminar)
- ‘অসমীয়া সাহিত্য সন্মিলনী পত্রিকা’, ২০২৬-২৭ বৰ্ষৰ চতুৰ্দশ সংখ্যাৰ বাবে গৱেষণা পত্র আহ্বান কৰা হৈছে৷
- অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা অনুষ্ঠান
- বাক আৰু বাৰ্তা ৷ বিষ্ণু ৰাভা দিৱস উপলক্ষ্যে অসমীয়া সাহিত্য সন্মিলনীৰ বক্তৃতা অনুষ্ঠান
- অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৫-২৭ প্ৰথম কাৰ্যনিৰ্বাহক সভা
- অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (তৃতীয় দিন)
- অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (দ্বিতীয় দিন)
- অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিয়ে ২০২৩-২৫ বৰ্ষত আয়োজন কৰা অনুষ্ঠানসমূহৰ কিছু ৰেঙণি












