অসমীয়া ভাষা-সাহিত্যৰ সকলো প্ৰকাৰৰ উন্নতি, চৰ্চা, সংৰক্ষণৰ হকে সকলো ধৰণৰ ধৰ্ম-সম্প্ৰদায় তথা ৰাজনৈতিক গণ্ডীৰ ঊৰ্ধত থাকি নিয়োজিত হোৱাৰ উপৰি অসমৰ জাতীয় জীৱনৰে সংপৃক্ত শিল্প-সংস্কৃতি আৰু সমাজ সংশ্লিষ্ট বিষয়ত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কাম কৰিবলৈ আৰু অসমৰ সকলো জনগোষ্ঠীৰ মাজত সংহতি স্থাপন কৰিবলৈ ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ‘অসমীয়া সাহিত্য সন্মিলনী’ গঠন কৰা হয়৷ এই সন্মিলনীয়ে উল্লিখিত লক্ষ্যসমূহ পূৰণ কৰিবলৈ ৰাজ্যজুৰি এক সাংগঠনিক কাঠাম গঢ়ি তুলিছে আৰু অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰা লোকসকলক থকা অন্যান্য স্থানলৈকো ইয়াৰ সাংগঠনিক কাঠাম প্ৰসাৰিত কৰি আহিছে৷ অসমৰ জাতীয় জীৱনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উৎকৰ্ষ সম্ভৱ কৰি তুলিবলৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা সংবৰ্ধন আৰু সাহিত্যৰ ক্ষেত্ৰত এক মতাদৰ্শগত ভিত্তি গঢ়ি তোলাই হ’ল সন্মিলনীৰ প্ৰধান উদ্দেশ্য৷
আৰম্ভণিৰপৰাই অসমীয়া সাহিত্য সন্মিলনীয়ে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ অৰ্থে, অসমৰ জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায়ৰ মাজত সংহতি স্থাপন কৰাৰ বাবে এক গণতান্ত্ৰিক তথা প্ৰগতিশীল মূল্যবোধ গঢ়ি তুলিবলৈ আৰু মানৱীয় প্ৰমূল্যৰ বিকাশ ঘটাবলৈ সকলো ধৰণৰ কাৰ্যকৰী আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ পোষকতা কৰি আহিছে৷ সন্মিলনীৰ প্ৰথম গৰাকী সভাপতি অধ্যাপক হীৰেন গোঁহাই প্ৰমুখ্যে অধ্যাপক লক্ষ্যহীৰা দাস, অধ্যাপক দিলীপ কুমাৰ দত্ত, লোকনাথ গোস্বামী, সাগৰ বৰুৱা, ৰঞ্জু হাজৰিকাকে ধৰি বৰ্তমানৰ সভাপতি অধ্যাপক মুকুল চক্ৰৱৰ্ত্তীয়ে সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত গণতান্ত্ৰিক আৰু মানৱীয় প্ৰমূল্যক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে৷ অসমৰ জনগোষ্ঠীয় ঐক্য আৰু সংহতিৰ ক্ষেত্ৰত সাহিত্যৰ জড়িয়তে এক যোগাত্মক পৰিৱেশ ৰচনা কৰাৰ দিশতো সাহিত্য সন্মিলনীয়ে এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে৷ সন্মিলনীৰ আন এক উদ্দেশ্য হৈছে অসমীয়া ভাষা আৰু সাহিত্য প্ৰসাৰৰ অৰ্থে ৰাষ্টীয় আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত আলোচনা-সত্ৰ, সন্মিলন, বক্তৃতানুষ্ঠান আদিৰ ব্যৱস্থা কৰা৷ সাহিত্যচৰ্চাত নতুনকৈ ব্ৰতী হোৱাসকলক উৎসাহিত আৰু প্ৰশিক্ষিত কৰিবলৈ বিভিন্ন কৰ্মশালাৰ আয়োজন কৰাৰ লগতে বঁটা, স্বীকৃতি, সন্মান আদি প্ৰদানেৰে ভিন-ভিন স্তৰৰ লেখক-সাহিত্যিক-সাংবাদিকসকলকো উৎসাহিত কৰি অহা হৈছে ৷
সভাপতিঃ অধ্যাপক মুকুল চক্ৰৱৰ্ত্তী ৷৷ মুখ্য সম্পাদকঃ ড° ভাস্কৰ ভূঞা
যোগাযোগঃ ৬০০৩১২৭৯৯২, ৮৭৫১৯৪৩৩৮৭
