‘অসমীয়া সাহিত্য সন্মিলনী পত্রিকা’, ২০২৬-২৭ বৰ্ষৰ চতুৰ্দশ সংখ্যাৰ বাবে গৱেষণা পত্র আহ্বান কৰা হৈছে৷

অসমীয়া সাহিত্য সন্মিলনী পত্রিকা (ISSN 2347-257X)

বিশেষজ্ঞ-পর্যালোচিত মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক বার্ষিক গৱেষণা পত্রিকা

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ দ্বাৰা প্ৰকাশিত ‘অসমীয়া সাহিত্য সন্মিলনী পত্রিকা’ হৈছে মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক এখন ‘বিশেষজ্ঞ-পর্যালোচিত বার্ষিক গৱেষণা পত্রিকা’। এই পত্রিকালৈ গৱেষকসকলৰ পৰা ২০২৬-২৭ বৰ্ষৰ চতুর্দশ সংখ্যাৰ বাবে মৌলিক আৰু অপ্রকাশিত গৱেষণা পত্র আহ্বান কৰা হৈছে।

গৱেষণাৰ ক্ষেত্র
সাহিত্য, ভাষাবিজ্ঞান, সাংস্কৃতিক অধ্যয়ন, ইতিহাস, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান শিক্ষা, গণসংযোগ, লোকসাহিত্য, মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞানৰ অন্য যিকোনো শাখাত লিখিব পাৰিব৷

গৱেষণা পত্ৰ প্ৰেৰণৰ নিয়মাৱলী
মৌলিকতাৰ ঘোষণা:
প্ৰেৰণ কৰা গৱেষণা পত্রখন অন্য কোনো ঠাইত প্রকাশিত নহয় বুলি গৱেষকে স্বাক্ষৰযুক্ত ঘোষণা পত্র দিব লাগিব।

শীৰ্ষক আৰু গৱেষকৰ তথ্যঃ প্রথম পৃষ্ঠাৰ শীৰ্ষত গৱেষণাৰ শীৰ্ষকৰ লগতে গৱেষকৰ সম্পূৰ্ণ নাম, পৰিচয়, ঠিকনা, ই-মেইল আৰু অন্যান্য প্রাসঙ্গিক তথ্য দিব লাগিব।

গৱেষণা পত্র লিখনৰ নিয়ম
গৱেষণা পত্র লিখিবৰ বাবে PageMaker ছফ্টৱেৰ ব্যৱহাৰ কৰিব।
ফণ্ট: অসমীয়াৰ বাবে Geetanjalilight, ইংৰাজীৰ বাবে Times New Roman ৷
ফণ্টৰ আকাৰ: অসমীয়াৰ বাবে ১৩.৫ আৰু ইংৰাজীৰ বাবে ১২।

গৱেষণা পত্ৰৰ গঠন
সাৰাংশঃ ৩৫০টা শব্দৰ ভিতৰত
বীজ শব্দ: ৩-৫টা
আলোচনাৰ অংশ: আৰম্ভণি আৰু পর্যালোচনাৰ বিভিন্ন ভাগ
উপসংহাৰঃ সিদ্ধান্ত সহ
টোকা আৰু তথ্যসূত্র
শব্দসীমা: প্রায় ৩০০০-৪০০০ শব্দ (তথ্যসূত্ৰ আৰু গ্ৰন্থপঞ্জীসহ)ৰ ভিতৰত লিখিব।
‘উদ্ধৃতি শৈলী: MLA 9th Edition অনুসৰি তথ্যসূত্ৰ আৰু গ্ৰন্থপঞ্জী দিব।
গৱেষকৰ পৰিচয়: ৫০-৭৫ শব্দৰ ভিতৰত গৱেষকৰ সংক্ষিপ্ত পৰিচয় আৰু যোগাযোগৰ তথ্য দিব।

গৱেষণা পত্ৰ প্ৰেৰণৰ ই-মেইল: [email protected]

প্রকাশন মাচুল: গৱেষণা পত্ৰ প্ৰকাশৰ বাবে প্ৰতিজন গৱেষকে এহেজাৰ টকা (১০০০) পৰিশোধ কৰিব লাগিব। গৱেষণা পত্র গৃহীত হোৱাৰ পাছত নির্দিষ্ট ধনৰাশি পৰিশোধৰ বাবে যোগাযোগ কৰা হ’ব।

টোকা: সকলো গৱেষণা পত্ৰ দুবাৰকৈ বিশেষজ্ঞ-পর্যালোচিত সমিতিৰ দ্বাৰা গোপন সমীক্ষা (double-blind peer review)ৰ মাজেৰে বিচাৰ কৰি চোৱা হ’ব। সম্পাদনা সমিতিয়ে গৃহীত গৱেষণা পত্ৰখনৰ ভাষা আৰু শৈলী উন্নত কৰিবলৈ সম্পাদনা কৰাৰ অধিকাৰ থাকিব।

গৱেষণা পত্ৰ প্ৰেৰণৰ শেষ তাৰিখ: ১০ নৱেম্বৰ ২০২৫

সাদৰেৰে,
(ড° ভাস্কৰ ভূঞা)
মুখ্য সম্পাদক, অসমীয়া সাহিত্য সম্মিলনী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top