‘অসমীয়া সাহিত্য সন্মিলনী’ৰ উদ্যোগত ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু বক্তৃতা অনুষ্ঠান’।

১০ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে অসমীয়া সাহিত্য সন্মিলনীৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰা হয়৷ ডঃ শিখামণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটি সন্মিলনী সংগীতেৰে আৰম্ভ কৰা হয়৷ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অধ্যাপক মুকুল চক্ৰৱৰ্তীয়ে সভাৰ প্ৰথমতেই ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি চমু মন্তব্য প্ৰদান কৰে৷ পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, নিৰ্দিষ্ট বক্তা হচাপে আমন্ত্ৰিত ব্যক্তি ডঃ চন্দ্ৰকমল চেতিয়াই ‘মধ্যযুগীয় অসমীয়া লিপিৰ লিপিগত বৈশিষ্ট্য’ শীৰ্ষক বিষয়ত প্ৰায় ৪৫ মিনিটৰ সাৰগৰ্ভ বক্তব্য ৰাখে৷ বক্তৃতাৰ শেষত সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক ডঃ ভাস্কৰ ভূঞাই সলাগৰ শৰাই আগবঢ়ায়৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত প্ৰায় ১০০ত কৈয়ো অধিক সদস্য, শিক্ষাৰ্থী, অধ্যাপকে অংশগ্ৰহণ কৰে৷

Leave a Comment

Your email address will not be published. Required fields are marked *