অসমীয়া সাহিত্য সন্মিলনীৰ সংগীত প্ৰতিযোগিতা।

মাৰ্চ মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া সন্মিলনীৰ বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি ফেচবুকৰ মাধ্যমেৰে অসম ভিত্তিক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

নিৰ্বাচিত গীত

‘অসমীয়া ভাষা মোৰ চিৰ চেনেহী’https://youtu.be/3r-QrVRHqKc?si=-cJ3s9GMWU_SymrQ
(সন্মীলনী সংগীত। কথাঃ অধ্যাপক দিলীপ বৰা আৰু সুৰঃ স্বৰ্গীয় যজ্ঞ বেজবৰুৱা)

প্ৰতিযোগিতাৰ নিয়মাৱলী

ক। সময়সীমাঃ ১ মাৰ্চৰ পৰা ২০ মাৰ্চ, ২০২৫লৈ।
খ। প্ৰতিযোগীৰ বয়সৰ সীমাঃ ৮ বছৰৰ পৰা ১৫ বছৰ।
গ। সন্মিলনীৰ গীতটো ৰেকৰ্ড কৰি নিজৰ বা পিতৃ-মাতৃ আৰু পৰিয়ালৰ ফেচবুক একাউণ্টৰ পৰা আপলোড কৰিব লাগিব।
ঘ। প্ৰতিযোগীৰ নাম, ঠিকনা, বয়স আৰু হোৱাটচ্এপ সম্বলিত ফোন নম্বৰটি উল্লেখ কৰিব লাগিব।
ঙ। আপলোড কৰোঁতে নিম্নোলিখিত হেচটেগকেইটা ব্যৱহাৰ কৰিব (#asomiyasahityasanmilani, #অসমীয়াসাহিত্যসন্মিলনী) আৰু সন্মিলনীৰ পেজ ‘অসমীয়া সাহিত্য সন্মিলনী’ লৈ টেগ কৰিব।
চ। গীতটি গাবৰ বাবে মূল গীটটো, গীতটোৰ ‘মিউজিক ট্ৰেক’ আৰু কথা ( Lyrics) এই পোষ্টৰ লগতে লিংক হিচাপে সংযোগ কৰি দিয়া হৈছে।
ছ। গীতটো ৰেকৰ্ড কৰি 9954794425 নম্বৰলৈ হোৱাটচ্এপৰ জৰিয়তেও সবিশেষ ঠিকনা উল্লেখ কৰি পঠিয়াব।

পুৰস্কাৰ

প্ৰথম পুৰস্কাৰঃ ৫০০০ টকা, প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰ টোপোলা।
দ্বিতীয় পুৰস্কাৰঃ ৩০০০ টকা, প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰ টোপোলা।
তৃতীয় পুৰস্কাৰঃ ২০০০ টকা, প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰ টোপোলা।
তদুপৰি উদগনিমূলক বঁটাত পাঁচজন প্ৰতিযোগীক ১০০০ টকা, প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হ’ব।

সন্মিলনীৰ বাৰ্ষিক অধিৱেশনত এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব।

আয়োজক
অসমীয়া সাহিত্য সন্মিলনীৰ হৈ
ড° ভাস্কৰ ভূঞা
প্ৰধান সম্পাদক, অসমীয়া সাহিত্য সন্মিলনী
ড° শিখামণি শৰ্মা
সম্পাদক, অসমীয়া সাহিত্য সন্মিলনী
(যোগাযোগঃ 8751943387, 9954794425)

মূল গীতটো ইউটিউবত এইটো লিংকত পাব-https://youtu.be/3r-QrVRHqKc?si=-cJ3s9GMWU_SymrQ

গীতটোৰ মিউজিক ট্ৰেকটো এইটো লিংকত পাব-https://youtu.be/kMPDrcYpT8Q?feature=shared

অসমীয়া সাহিত্য সন্মিলনীৰ গীতটোৰ কথা

অসমীয়া ভাষা মোৰ চিৰ চেনেহী
সুৱদী সুৰীয়া মাত প্রাণদায়িণী
সচিতে সপোনে দেশ দেশান্তৰে
হৃদয়ত শুনো তাৰ পদধ্বনি

এই ভাষাতেই মই সপোন দেখোঁ
ভাষাৰেই মোৰ প্ৰাণ মূর্ত কৰোঁ
এই ভাষাৰ বাবেই মই জীয়াই থাকিম
ভাষাকে বুকুত বান্ধি মৰণ আগচিম।

এই ভাষা মোৰ আশা গৌৰৱ অস্মিতা
মুমূর্ষু জীৱনৰ সঞ্জীৱনী

আজি এই জননীৰ দেউলৰ চোতালত
খোলো আহা সকলোৱে মনৰ দুৱাৰ
বর্ণ সম্প্রদায় জাতি জনগোষ্ঠীৰ
মিলনেৰে গঢ়ো আহা অসম আমাৰ

মোৰ ভাষাই গঢ়ক নৱ মানৱতা
সংগ্রামী জনতাৰ সজাগতা
অনন্ত জীৱনৰ জয়ধ্বনি

কথাঃ ড° দিলীপ বৰা
সুৰঃ স্বৰ্গীয় যজ্ঞ বেজবৰুৱা

Leave a Comment

Your email address will not be published. Required fields are marked *