‘অসমীয়া সাহিত্য সন্মিলনী’ৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ দ্বিতীয় দিনৰ বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়াৰ আলোকচিত্ৰ।
পুৱা ৭ বজাত পতাকা উত্তোলন কৰে নলবাৰী জিলা সাহিত্য সন্মিলনীৰ সভাপতি লক্ষ্মী নাৰায়ণ বৰ্মনে। স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰজউদ্দিন আহমেদে। ইয়াৰ পাছতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী অৰূপ বৰপূজাৰীয়ে।
১০ বজাৰ পৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভ হয়। উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলিকতাৰ হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নন্দিনী চাহু। সভাপতিৰ আসন শুৱনি কৰে কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাসে।
১২ বজাৰ পৰা ‘ড° সাগৰ বৰুৱা স্মাৰক সাহিত্য আলোচনা’ৰ আৰম্ভ কৰা হয়। এই আলোচনা সত্ৰখন সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যায়ন বিভাগৰ সহকাৰী অধ্যাপক ড° ধূৰ্জ্জটি শৰ্মাই। আলোচক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° দেৱজ্যোতি বিশ্বাস, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক চুমি কলিতা, উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়, টুৰা চৌহদৰ ইংৰাজী বিভাগৰ নম্ৰতা পাঠক আৰু ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক স্তুতি গোস্বামীয়ে । এই আলোচনাতে ড° সাগৰ বৰুৱা স্মাৰক গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে অধ্যাপক দিলীপ বৰাই।
দুপৰীয়া আহাৰ গ্ৰহণৰ অন্তত ২.৩০বজাৰ পৰা আৰম্ভ হয় ‘অসমীয়া সমাজ আৰু সংস্কৃতিৰ ভৱিষ্যতঃ প্ৰত্যাহ্বান আৰু কৰণীয়’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ। অনুষ্ঠানটি সঞ্চালনা কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকাই আৰু বক্তৃতাটি প্ৰদান কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° বীৰেন্দ্ৰ ডেকাই।
৪ বজাৰ পৰা আৰম্ভ হয় কবি সন্মিলন। এই সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি কমল কুমাৰ জৈনে আৰু উদ্বোধন কৰে বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক এম. কামালুদ্দিন আহমেদে। প্ৰায় ৪০ গৰাকী কবিয়ে এই কবি সন্মিলনত কবিতা পাঠ কৰে।
সন্ধিয়া ৬.৩০ বজাত ‘নগাঁও জিলাৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে । ইয়াৰ পাছতে নলবাৰী জিলাৰ ১০জন বিশিষ্ট লোকশিল্পীক শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
৭.৩০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভ হয়। উদ্বোধন কৰে বিশিষ্ট লোকশিল্পী প্ৰণিতা বৈশ্য মেধিয়ে। ৰাতি ১০ বজাত এই সাংস্কৃতিক অনুষ্ঠানৰ অন্ত পৰে।








