অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশন (তৃতীয় দিন)

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম ৰাজ্যিক নলবাৰী অধিৱেশনৰ তৃতীয় দিনৰ বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ আলোকচিত্ৰ

স্থানঃ ভাঙৰা গোসাঁই থান, সোণকুৰিহা৷ তাৰিখঃ ৩০/৩/২৫

কাৰ্যসূচী

পুৱা ৯ বজাৰ পৰা নলবাৰী জিলাভিত্তিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে অধ্যাপক অনুৰাধা শৰ্মাই। প্ৰায় ৬ কিলোমিটাৰ দূৰত্বৰে এই শোভাযাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়।

১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ দাসে। মুকলি সভাতে ‘অসমীয়া সাহিত্য সন্মিলনী পত্ৰিকা’, ‘বৰলুইত’ স্মৃতিগ্ৰন্থ, নলবাৰী জিলা সাহিত্য সন্মিলনীৰ বাৰ্ষিক আলোচনী ‘অংকুৰণ’ উন্মোচন কৰা হয়। উল্লেখ্য যে ২৮ তাৰিখে সন্ধিয়া মূল মঞ্চতে ‘নলবাৰী জিলাৰ ইতিহাস’ আৰু ‘স্বৰাজ সপোন আৰু দিঠক’ শীৰ্ষক দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ উন্মোচন হয়।

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কলিকতাৰ হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নন্দিনী চাহু, পদ্মশ্ৰী অনিল বড়ো আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়াৰ বিভাগৰ অধ্যাপক বিনীতা বৰা দেৱ চৌধুৰী । সন্মানিত অতিথি হিচাপে উপস্থিত আছিল অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ, নেপালী সাহিত্য পৰিষদৰ প্ৰতিনিধি খগেন শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.বিজয়কুমাৰ।

আজি মুকলি সভাতে ২৫-২৭ বৰ্ষৰ বাবে অসমীয়া সাহিত্য সন্মিলনী ৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে অধ্যাপক মুকুল চক্ৰৱৰ্তীয়ে। তেওঁ প্ৰায় ২৩ পৃষ্ঠাৰ অভিভাষণেৰে অসমীয়া সাহিত্য সন্মিলনীৰ অতীত, বৰ্তমানৰ বিষয়ে আলোকপাত কৰাৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অৱগত কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *