অসমীয়া সাহিত্য সন্মিলনীৰ সাহিত্য উৎসৱ আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

৯ আৰু ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰু সাহিত্য উৎসৱৰ আয়োজন কৰা হয়৷ ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অসমীয়া সাহিত্য সন্মিলনীৰ যুটীয়া উদ্যোগত ‘ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান’’ বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে দ্বিতীয় দিনা নগাঁও প্ৰেছ ক্লাৱত সাহিত্য উৎসৱটি আয়োজন কৰা হয়৷

ৰাষ্ট্ৰীয় আলোচনা সত্ৰত মুঠ ২৮খন গৱেষণা পত্ৰ তিনিটা পৃথক স্থানত পাঠ কৰা হয়৷ আলোচনা সত্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহাই৷ মূল বক্তৃতা প্ৰদান কৰে ডঃ বিৰিঞ্চি কুমাৰ দাসে৷ অনুষ্ঠানত ডঃ ৰাজশ্ৰী বৰাৰ এখন গ্ৰন্থও উন্মোচন কৰা হয়৷

দ্বিতীয় দিনা নগাঁও প্ৰেছ ক্লাৱত সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি বক্তৃতা অনুষ্ঠানৰ লগতে ‘প্ৰাগজ্যোতিকা’ আলোচনী, ‘দহিকতৰা’ আলোচনী, পৰিজ্ঞানম গ্ৰন্থৰ উন্মোচন কৰা হয়৷ সভাত ৰহস্য ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ ভাষণৰ লগতে তেখেতৰ সৈতে স্থানীয় ৰাইজে মত-বিনিময়ো কৰে৷ পৰৱৰ্তী সময়ত মূল বক্তৃতাটি প্ৰদান কৰে সন্মিলনীৰ কাৰ্যকৰী সভাপতি ডঃ বিৰিঞ্চি কুমাৰ দাসে৷ পৰৱৰ্তী সময়ত অধ্যাপক দিলীপ বৰা আৰু ডঃ ধূৰ্জ্জটি শৰ্মায়ো মন্তব্য ৰাখে৷ এইঅনুষ্ঠানত গীত আৰু কবিতাও পাঠ কৰা হয়৷

নগাঁও প্ৰেছ ক্লাৱত সাহিত্য দিৱসৰ উদ্যাপনৰ কেইখনমান আলোকচিত্ৰ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top