অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক ড॰ ভাস্কৰ ভূঞাই কাকতলৈ পঠোৱা এক বিবৃতি যোগে জনায় যে– সন্মিলনীয়ে প্ৰতিটো প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰি অহা বঁটাসমূহৰ মনোনয়নৰ বাবে গঠন কৰা বিশেষ সমিতিয়ে এইবাৰৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে৷ ইতিমধ্যে সন্মিলনীৰ মাননীয় সভাপতি বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাদেৱে বিশেষ সমিতিৰ মনোনয়নত অনুমোদন জনাইছে৷ সেই অনুসৰি এইবাৰৰ !অম্বিকাচৰণ চৌধুৰী ইতিহাস চেতনা বঁটা’ৰ বাবে মনোনীত কৰা হৈছে– বিশিষ্ট ইতিহাসবিদ ড॰ ৰমেশ চন্দ্ৰ কলিতাদেৱক, ‘শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটা’ৰ বাবে মনোনীত কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, ভাষাবিদ ড॰ নগেন ঠাকুৰদেৱক, ‘চৈয়দ আব্দুল মালিক উপন্যাসশ্ৰী বঁটা’ৰ বাবে মনোনীত কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, ঔপন্যাসিক, তথা বিশিষ্ট লেখিকা ড॰ তিলোত্তমা মিশ্ৰ মহোদয়াক আৰু ‘হোছেন আলী চৰকাৰ ভাষা সংগঠক বঁটা’ৰ বাবে মনোনীত কৰা হৈছে বিশিষ্ট চিকিৎসক ডাঃ ঋষেশ্বৰ ঠেঙালদেৱক৷ প্ৰধান সম্পাদকে জনোৱা মতে– অহা ২ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব৷ উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে সন্মিলনীয়ে৷
ড॰ ভাস্কৰ ভূঞা
প্ৰধান সম্পাদক
অসমীয়া সাহিত্য সন্মিলনী