
অসমীয়া সাহিত্য সন্মিলনীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে আয়োজন কৰা ‘বঁটা প্ৰদান’ অনুষ্ঠানটি ২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত সফলভাৱে সমাপ্ত হয়৷ দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানটিত সভাপতিত্ব কৰে সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাসে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মা৷ সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক ড॰ ভাস্কৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে সন্মিলনীৰ প্ৰধান সচেতক অধ্যাপক দিলীপ বৰাই৷ তেখেতে সন্মিলনীৰ আদৰ্শ আৰু বঁটা প্ৰদানৰ অন্তৰালৰ উদ্দেশ্যৰ কথা সবিস্তাৰে উল্লেখ কৰে৷ অনুষ্ঠানটিত ২০২৩-২৫ বৰ্ষৰ ‘অম্বিকাচৰণ চৌধুৰী ইতিহাস চেতনা বঁটা’ প্ৰদান কৰা হয় বিশিষ্ট ইতিহাসবিদ ড॰ ৰমেশ চন্দ্ৰ কলিতাদেৱক, ‘শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটা’ প্ৰদান কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট ভাষাবিদ নগেন ঠাকুৰদেৱক, ‘চৈয়দ আব্দুল মালিক উপন্যাসশ্ৰী বঁটা প্ৰদান কৰা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট ঔপন্যাসিক তিলোত্তমা মিশ্ৰ মহোদয়াক আৰু ‘হোছেন আলী চৰকাৰ ভাষা সংগঠক বঁটা’ প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক তথা সাহিত্যৰ সংগঠক ডাঃ ঋষেশ্বৰ ঠেঙালদেৱক৷ মুখ্য অতিথি কনক চন্দ্ৰ শৰ্মাই তেখেতেৰ ভাষণত সন্মিলনীৰ গতিশীল কাৰ্য-কলাপৰ সলাগ লোৱাৰ লগতে বঁটা প্ৰাপকসকলক উদ্দেশ্যি মনৰ ভাৱ প্ৰকাশ কৰে। তেখেতে সন্মিলনীৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভতো মন্তব্য ৰাখে৷ ৰাজহুৱা একাষাৰত চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ আৰু দলিল আহমেদে মন্তব্য ৰাখে। সভাৰ শেষত সভাপতিৰ মন্তব্যৰ লগতে অসম সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি পৰে৷
স্থানঃ গুৱাহাটী প্ৰেছ ক্লাৱ
সময়ঃ দিনৰ ১.০০ বজাৰ পৰা ৩.০০ বজালৈ



