অসমত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰত সংকট আহিব পৰা প্ৰতিটো বিষয়তে অসমীয়া সাহিত্য সন্মিলনীয়ে বাধা দি আহিছে আৰু আগলৈকো দি যাব৷ শেহতীয়াকৈ অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰপৰা অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষাৰ প্ৰসাৰৰ দিশটোক লৈ যি সক্ৰিয়তা দেখুৱাইছে, সেয়া অসমীয়া সাহিত্য সন্মিলনীয়ে সন্মান জনায়ো দুটামান বিষয়ত আমাৰ মনত থকা দ্বিধা আৰু সন্দেহৰ কথা ব্যক্ত কৰিব বিচাৰিছোঁ৷ চৰকাৰৰ এনে পদক্ষেপে মাতৃভাষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নেকি? এই বিষয়ত চৰকাৰখনে কেনেধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিব? সেইয়া সাধাৰণ ৰাইজক জনোৱা উচিত৷ ‘সদৌ অসম ছাত্ৰ সন্থা’ই শেহতীয়াকৈ এই বিষয়টোক কেন্দ্ৰ কৰি অসমৰ প্ৰান্তে প্ৰান্তে যিধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, এই সন্দৰ্ভত চৰকাৰৰ স্থিতি কেনেধৰণৰ, সেয়া সাধাৰণ ৰাইজক জনোৱা উচিত৷ অসম আৰু অসমীয়াৰ স্বাৰ্থত নেতিবাচক প্ৰভাৱ পৰিবপৰা কোনো পদক্ষেপ যাতে অসম চৰকাৰে গ্ৰহণ নকৰে, তাৰ বাবে ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ তৰফৰ পৰা চৰকাৰক সকীয়াই দিছোঁ৷