বিষ্ণু ৰাভা দিৱস উপলক্ষে বক্তৃতা অনুষ্ঠান

অসমীয়া সাহিত্য সন্মিলনীৰ ‘বিষ্ণু ৰাভা দিৱস’ উদযাপন।

২০ জুন, ২০২৩ তাৰিখে ’অসমীয়া সাহিত্য সন্মিলনী’য়ে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষ্যে “অসম-বংগৰ সম্পৰ্ক আৰু বিষ্ণুপ্ৰসাদ ৰাভা” শীৰ্ষক এটি মননশীল বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে ৷ কলিকতাৰ সাহিত্যিক, অনুবাদক বাসুদেৱ দাসে এই বক্তৃতাটো প্ৰদান কৰে ৷ দাসে অসম আৰু বাংলাদেশৰ সাংস্কৃতিক, সামাজিক ঐক্য আৰু সম্প্ৰীতিৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰাৰ লগতে ৰাভাই ঢাকা, কলিকতা চহৰত কটোৱা সময়ছোৱাৰ কথা বিস্তাৰিতৰূপত আলোচনা কৰে৷ পঢ়ি থকা সময়ত আৰু তাৰ পৰৱৰ্তী সময়ত কলিকতা চহৰত তেখেতৰ যি আধিপত্য আছিল, গুৰুত্ব আছিল, সেই কথাৰ আলোচনা কৰি বৰ্তমান প্ৰেক্ষাপটত বিষ্ণুৰাভা সম্পৰ্কে কলিকতাৰ সাহিত্যক সমাজ আৰু বৌদ্ধিক সমাজে কেনেদৰে ভাৱে সেই প্ৰসংগও দাসে আলোচনা কৰে৷ অসম আৰু বংগৰ মাজত সম্পৰ্ক ৰক্ষাত ৰাভাই অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিছে বুলিও তেখেতে উল্লেখ কৰে৷ সন্মিলনীৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সন্মিলনীৰ প্ৰধান সম্পাদক ভাস্কৰ ভূঞাই ৷ বক্তৃতানুষ্ঠানটো উদ্বোধন কৰি উদ্বোধনী ভাষণ প্ৰদান কৰে ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাসে ৷ অনুষ্ঠানত কলিকতা নগৰৰ চেইণ্ট পল কেথেড্ৰল মিছন কলেজৰ অধ্যাপক শ্বেইখ মকবুল ইছলামেও সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে ৷ তেখেতে অধ্যাপনা কৰা কলেজখনতে এটা সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই অধ্যয়ন কৰাৰ প্ৰসংগ তেখেতৰ বক্তব্যত উল্লেখ কৰে৷ ধূৰ্জ্জটি শৰ্মায়ো অনুষ্ঠানত বক্তব্য ৰাখে৷ সভাৰ শেষত শিখামণি শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top