(A Three-day Workshop on Essential Digital Skills for Research and Publication in Humanities)
গৱেষণা পত্ৰ লিখন, সম্পাদনা আৰু ডিজিটেল দক্ষতা উন্নয়ন কৰিবলৈ বিচৰা সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক, গৱেষক শিক্ষাৰ্থী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটি অত্যন্ত প্ৰয়োজনীয় কর্মশালা৷ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত আয়োজিত এই তিনিদিনীয়া কৰ্মশালাত শিকোৱা হৈছে বহুতো দৰকাৰী কৌশল।

📝 কর্মশালাত শিকোৱা মুখ্য বিষয়সমূহ:
- আন্তর্জাতিক/ৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত গৱেষণা পত্ৰ লিখাৰ বিভিন্ন কৌশল আৰু পদ্ধতি
- গ্ৰন্থ আৰু গৱেষণা গ্ৰন্থ (Thesis) লিখন কলা আৰু সম্পাদনা
- গ্ৰন্থ, আলোচনীৰ প্ৰচ্ছদসজ্জা (Cover Design) আৰু অংগসজ্জা (Layout)
- কপিৰাইট (Copyright), প্লেজাৰিজিম (Plagiarism) আৰু লাইচেন্স (Licence)ৰ ধাৰণা
- আৰ্হিপাঠ (Proofreading) আৰু লেখা সম্পাদনা
- ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ কিপেইড/ফণ্টৰ সঠিক ব্যৱহাৰ
- PageMaker আৰু MS Word-ত অসমীয়া ভাষাৰ প্ৰয়োগ
- PowerPoint, Excel আদিত অসমীয়া ভাষাৰ প্ৰয়োগ আৰু AI টুলসমূহৰ ব্যৱহাৰ
- ৱিকিমিডিয়া (Wikimedia) প্ৰকল্পসমূহৰ ব্যৱহাৰিক শিক্ষা
- গ্ৰন্থ, আলোচনীৰ ডিজিটেল সংৰক্ষণ (Digital Archive)
- OCR/Converter/Google Lens আদিৰ ব্যৱহাৰিক প্ৰয়োগ
- AI, Machine Learning আৰু NLPৰ ধাৰণা
আয়োজক
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমীয়া সাহিত্য সন্মিলনী
📅 তাৰিখ: ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫
📍 স্থান: চেমিনাৰ হল, GUIST, গুৱাহাটী বিশ্ববিদ্যালয় (Location, Near New Academic Building/ Sunrise Restaurant)
👉 মন কৰিবলগীয়া তথ্য
- পঞ্জীয়নৰ শেষ তাৰিখঃ ২০ ডিচেম্বৰ ২০২৫
- অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব৷
- অংশগ্ৰহণকাৰীসকলক প্ৰয়োজনীয় ছফ্টৱেৰ আৰু ফণ্ট আদি যোগান ধৰা হ’ব৷
- অংশগ্ৰহণকাৰীসকলক তিনিদিনৰ জলপান আৰু দুপৰীয়াৰ আহাৰ প্ৰদান কৰা হ’ব৷
- কৰ্মশালাৰ প্ৰতিটো বিষয় হাতে-কামে শিকোৱা হ’ব৷
- পুৱা ৯.৩০ বজাৰ পৰা ১২.৩০ বজালৈ আৰু ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ কৰ্মশালা অনুষ্ঠিত হ’ব৷
- কৰ্মশালাৰ মাধ্যম অসমীয়া ভাষা৷ অৱশ্যে সকলো বিভাগৰ ব্যক্তিয়ে এই কৰ্মশালাত অংশ ল’ব পাৰিব৷
- দূৰৰ অংশগ্ৰহণকাৰীসকলে থকাৰ ব্যৱস্থা নিজাকৈ কৰি ল’ব লাগিব৷
👉 কৰ্মশালাৰ আসনৰ সংখ্যা সৰ্বমুঠ ৮০খন (প্ৰথমে পঞ্জীয়ন কৰাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব)
– সহকাৰী আৰু সহযোগী অধ্যাপকৰ সংখ্যা ২০খন
– গৱেষক আৰু স্বতন্ত্ৰ গৱেষকৰ সংখ্যা ৪০খন
– শিক্ষাৰ্থী আৰু অন্যান্যৰ আসনৰ সংখ্যা ২০খন
👉 পঞ্জীয়ন মাচুল (Payment Fee)
- সহকাৰী, সহযোগী অধ্যাপকৰ বাবে ৩০০০.০০ টকা
- গৱেষক শিক্ষাৰ্থী আৰু স্বতন্ত্ৰ গৱেষকৰ বাবে ২৫০০.০০ টকা
- অন্যান্যৰ বাবে ২০০০.০০ টকা
- শিক্ষাৰ্থীৰ বাবে ১৫০০.০০ টকা
👉 Accountৰ সবিশেষ
Account Number: 36308125186
Account Name: Asomiya Sahitya Sanmilani Karma Kosh
Bank: State Bank of India
IFSC: SBIN0002060
Branch: Guwahati University
For Registration Click
👉 অংশগ্ৰহণকাৰীসকলে লেপটপ লৈ অহাটো বাধ্যতামূলক৷
সমন্বয়ক
ড° ধূৰ্জ্জটি শৰ্মা
সহকাৰী অধ্যাপক, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়
ড° ভাস্কৰ ভূঞা
(প্ৰধান সম্পাদক, অসমীয়া সাহিত্য সন্মিলনী)
👉 অধিক জানিবলৈ যোগাযোগ কৰক
8751943387 (Dr. Bhaskar Bhuyan)
9365480760 (Md Musfikur Rahman)
7002107621 (Dr. Dhurjjati Sarmah)
Details of Resource Person
👉 অধ্যাপক দিলীপ বৰা, (Prof. Dilip Borah) আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
👉 অধ্যাপক অনুৰাধা শৰ্মা, (Prof. Anuradha Sarma) আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
👉 অধ্যাপক দেৱজ্যোতি বিশ্বাস, (Prof. Debajyoti Biswas) ইংৰাজী বিভাগ, বডোলেণ্ড বিশ্ববিদ্যালয়
👉 ড° সঞ্জীৱ বৰা, (Dr. Sanjib Borah) সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
👉 ড° দীপজ্যোতি কলিতা, (Dr. Deepjyoti Kalita) সহকাৰী অধ্যাপক, পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগ, কটন বিশ্ববিদ্যালয়
👉 ডাঃ গীতাৰ্থ বৰদলৈ, (Dr. Gitartha Bordoloi) সহকাৰী অধ্যাপক, শৰীৰতত্ব বিভাগ, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়
#GU #AssameseWorkshop #DigitalSkills #ResearchAndPublication #Humanities #AssameseLanguage #Wikimedia #AI #AcademicWriting #Proofreading #CoverDesign #Typography #GauhatiUniversity #AsomiyaSahityaSammilani
অনুষ্ঠানৰ বিভিন্ন মুহূৰ্তৰ আলোকচিত্ৰ

















কৰ্মশালাত গীতাৰ্থ বৰদলৈৰ বক্তৃতাৰ ভিডিঅ৷ ক্লিক কৰক

আপোনালোকক জনাব বিচাৰোঁ যে – অৰ্থনৈতিক ভাৱে পিছপৰা আৰু গুৱাহাটীৰ দৰে চহৰত গৈ এই অনুষ্ঠানত উপস্থিত থকাটো মোৰ দৰে এজনৰ বাবে চিন্তকৰ বিষয়। যদিও বহুত বেছি ইচ্ছা আছিল অনুষ্ঠানটোত উপস্থিত থকাৰ কিন্তু Dibrugarh পৰা গুৱাহাটী লৈকে গৈ থকাটো অসম্ভৱ। এনেকুৱা মোৰ দৰে আৰু বহুতো ওলাব, সেয়ে কব বিচাৰোঁ যে পাৰিলে Dibrugarh টো ভবিশ্বতে যেন এনে অনুষ্ঠান আয়োজন কৰে তাৰ কামনা কৰিলো।
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ৷ পৰৱৰ্তী সময়ত এই সম্পৰ্কে আলোচনা কৰা হ’ব৷