অসমীয়া সাহিত্য সন্মিলনীৰ গ্ৰন্থ প্ৰকাশৰ বাতৰি

অসমীয়া সাহিত্য সন্মিলনীয়ে ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ১০খন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখিও সন্মিলনীয়ে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ আগন্তুক বৰ্ষতো সন্মিলনীয়ে পুনৰ ১৫খনতকৈয়ো অধিক গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা কৰিছে৷ উল্লেখ্য যে- অসমীয়া সাহিত্য সন্মিলনীৰ মাননীয় সভাপতি অধ্যাপক মুকুল চক্ৰৱৰ্ত্তীৰ ব্যক্তিগত প্ৰচেষ্টা তথা আগ্ৰহৰ বাবেই এই ১০খনকৈ গ্ৰন্থ প্ৰকাশ কৰাটো সন্মিলনীৰ বাবে সম্ভৱপৰ হ’ল৷

ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে যোৰহাট জিলা সাহিত্য সন্মলিনীৰ সহযোগত ১৪ আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখে আয়োজিত ‘সাহিত্য উৎসৱ’ত এই গ্ৰন্থসমূহ উন্মোচন কৰা হ’ব৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top