অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক ‘সাহিত্য উৎসৱ’ সম্পন্ন

“মোৰ ভাষাই গঢ়ক নৱ মানৱতা/ সংগ্ৰামী জনতাৰ সজাগতা”– ড০ দিলীপ বৰাৰ গীতৰ এই উক্তিৰেই যেন ভাষা-সাহিত্যৰ নৱ্য ধাৰা বুকুত সাবটি উদযাপিত হ’ল অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱ। সাংস্কৃতিক মহানগৰী যোৰহাটৰ এক ঐতিহ্যমণ্ডিত ক্ষেত্ৰ যোৰহাট থিয়েটাৰ হল প্ৰেক্ষাগৃহত শিক্ষাবিদ, সংস্কৃত পণ্ডিত প্ৰবোধ বৰুৱা সোঁৱৰণী মঞ্চত ১৪, ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যিক সাহিত্য উৎসৱ সফল আৰু সুন্দৰভাৱে সম্পন্ন হৈ যায়।

কাৰ্যসূচী অনুসৰি ১৪ ফেব্ৰুৱাৰী, পুৱা পতাকা উত্তোলন কৰে সন্মিলনীৰ ৰাজ্যিক সভাপতি, বিশিষ্ট শিক্ষাবিদ, লেখক ডঃ মুকুল চক্ৰৱৰ্তীয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠানত সাহিত্য উৎসৱৰ উদযাপন সমিতিৰ সভাপতি তথা যোৰহাট জিলাৰ সন্মিলনীৰ সভাপতি দিলীপ কুমাৰ বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলনৰ পাছতে অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ড০ ভাস্কৰ ভূঞা সম্পাদনাত, দীপক বৰা আৰু প্ৰণৱ চক্ৰৱৰ্তীৰ সহ: সম্পাদনাত প্ৰকাশিত ” অস্তিত্ব অপৰাজেয়” নামৰ জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি বিষয়ক গ্ৰন্থখন উন্মোচন কৰা হয়৷ লগতে কবি, লেখিকা, চিত্ৰশিল্পী স্বপ্না বৰঠাকুৰৰ ” মানুহে মানুহৰ বাবে”শীৰ্ষক উপন্যাস গ্ৰন্থ, প্ৰণামিকা অধিকাৰীৰ উপন্যাস – দুটি তৰাৰ এধাৰি চকুলো, ডঃ মুকুল চক্ৰৱৰ্তী প্ৰণোদিত “প্ৰসঙ্গ লক্ষ্মীনাথ বেজবৰুৱা” শীৰ্ষক গ্ৰন্থ, ডঃ মুকুল চক্ৰৱৰ্তী প্ৰণোদিত অন্য এখন গ্ৰন্থ “গিৰজনি সম্পাদকীয়”, ডঃ বিনীতা মৰাঙৰ সম্পাদনা গ্ৰন্থ “অসমীয়া সাহিত্য সন্মিলনী পত্ৰিকা”, দলিল আহমেদৰ সম্পাদনাত প্ৰকাশিত বৈচিত্ৰ্য বৈবিধ আৰু ঐক্য” শীৰ্ষক গ্ৰন্থ, দেৱজ্যোতি শৰ্মা আৰু মৃগেন বৰ্মনৰ সম্পাদনা গ্ৰন্থ “সাহিত্য সংস্কৃতিৰ সুবাস” ডঃ দীনেশ চক্ৰৱৰ্তীৰ দ্বাৰা প্ৰণিত “সত্যনাথ বৰা জীৱন আৰু সাহিত্য কৰ্ম” শীৰ্ষক গ্ৰন্থ, ডঃ ভনিতা বৈশ্য আৰু অৰূপ দাসৰ দ্বাৰা অনূদিত গ্ৰন্থ “ভগবতী চৰণ পাণিগ্ৰাহীৰ গল্প” বিষয়ক সৰ্বমুঠ ১০খন গ্ৰন্থ উন্মোচন হয়।

গ্ৰন্থ উন্মোচনী সভাৰ আঁত ধৰে অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য সম্পাদক ড০ ভাস্কৰ ভূঞাই। গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে ড০ দিলীপ বৰা, লেখক মুনীন বৰঠাকুৰ, ড০ দীনেশ চক্ৰৱৰ্তী,ৰাজেন পূজাৰী, ভাস্কৰ্য শিল্পী ত্ৰিদ্বীপ দত্ত প্ৰমুখ্যে কেইবাগৰাকী গণ্য-মান্য ব্যক্তি। গ্ৰন্থ উন্মোচনী সভাৰ পাছতে অনুষ্ঠিত হোৱা “আঞ্চলিক সাহিত্য-সংস্কৃতিৰ পটভূমিত”ত বিশ্বায়নৰ প্ৰভাৱ শীৰ্ষক আলোচনা-সত্ৰ সঞ্চালনা কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা, বিশিষ্টা লেখিকা ড০ বীণাপাণি দেৱী কটকীয়ে। বিশিষ্ট সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ইতিহাসবিদ ড০ ৰক্তিম ৰঞ্জন শইকীয়াই।

সেইদিনাই বিয়লি ২-০০ বজাৰ পৰা অনুষ্ঠিত কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি ৰঞ্জিত গগৈ দেৱে, প্ৰায় অৰ্ধ শতাধিক কবিয়ে অংশগ্ৰহণ কৰা কাব্যানুষ্ঠানটিত পঠিত কবিতাৰ সন্দৰ্ভত পৰ্যালোচনা আগবঢ়ায় পৰ্যালোচকৰ আসন গ্ৰহণ কৰা “দিচাংমুখৰ এবাতি আপং” খ্যাত বিশিষ্ট কবি গংগা মোহন মিলিয়ে। মঞ্চত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে বিশিষ্ট গৱেষক তথা লেখক ড০ কুমুদ ঘোষ, বিশিষ্ট কবি অৰূপজ্যোতি হাজৰিকা আৰু কবি, চিত্ৰশিল্পী স্বপ্না বৰঠাকুৰে। আঁত ধৰে উদযাপন সমিতিৰ সম্পাদক মানৱজ্যোতি বৰদলৈয়ে। বিয়লি ৫ -০০ বজাৰ পৰা অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট গায়ক, গীতিকাৰ পংকজজ্যোতি বৰুৱাই। সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী, যোৰহাট থিয়েটাৰ হলৰ বৰ্তমানৰ সভাপতি শান্তনু ঠাকুৰদেৱে। উল্লেখ্য যে বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াটিৰ মুখ্য আকৰ্ষণ আছিল বিশিষ্ট সাংস্কৃতিক কৰ্মী পংকজজ্যোতি ভূঞাৰ পৰিচালনাত কণ কণ শিশুহঁতে পৰিৱেশন কৰা “বৰলুইত” নামৰ নৃত্য আলেখ্যখনি।

দিনৰ ১১-৩০ৰ পৰা আৰম্ভ হোৱা ১৫ ফেব্ৰুৱাৰীৰ মূল কাৰ্যসূচী মুকলি সভাৰ সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা যোৰহাট জিলা সন্মিলনীৰ সভাপতি বিশিষ্ট সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ বৰদলৈয়ে। নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰে কবি, লেখিকা, চিত্ৰশিল্পী স্বপ্না বৰঠাকুৰে। মঞ্চত বিশিষ্ট আসন গ্ৰহণ কৰে ৰাজ্যিক সভাপতি, বিশিষ্ট লেখক, শিক্ষাবিদ ড০ মুকুল চক্ৰৱৰ্তী (সন্মিলনীৰ মুখ্য সচেতক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, লেখক), ড০ দিলীপ বৰা (শিক্ষাবিদ, বিশিষ্ট সাংস্কৃতিক কৰ্মী, লেখক, গৱেষক), ড০ পবিত্ৰপ্ৰাণ গোস্বামী (বিশিষ্ট লেখক), ড০ প্ৰমোদ নেওগ (সমাজকৰ্মী), বিশিষ্ট আইনজ্ঞ তথা লেখক ভৱ গোস্বামী আৰু বিশিষ্ট লেখক প্ৰমোদ মহন্তই। স্বপ্না বৰঠাকুৰ ৰ সম্পাদনাত প্ৰকাশ পোৱা সাহিত্য উৎসৱৰ মুখপত্ৰ “বৰলুইত” উন্মোচন কৰি ড০ পবিত্ৰপ্ৰাণ গোস্বামী দেৱে কয় যে সঁচা অৰ্থতেই গভীৰ ভাৱধাৰাৰ লেখনিৰে সমৃদ্ধ “বৰলুইত”খনি সংৰক্ষণৰ যোগ্য এখন স্মৃতিগ্ৰন্থ। অসমীয়া ভাষা-সাহিত্য বিকাশত এই গ্ৰন্থই নিশ্চয়ে বহু প্ৰভাৱ বিস্তাৰ কৰিব।”

আদৰণি সমিতিৰ সভাপতিৰ অভিভাষণ, ৰাজ্যিক সভাপতি ডঃ মুকুল চক্ৰৱৰ্তী, নিৰ্দিষ্ট বক্তা স্বপ্না বৰঠাকুৰৰ ভাষণেৰে গুৰু গম্ভীৰ হৈ পৰা সভাখনি আঁত ধৰে মনোজ কুমাৰ বৰদলৈয়ে। উদযাপন সমিতিৰ সম্পাদক মানৱজ্যোতি বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাখনিত সমন্বয়ক মঞ্জু বৰঠাকুৰ ভট্টই শলাগৰ শৰাই আগবঢ়ায়। সাংস্কৃতিক সম্পাদিকা জয়শ্ৰী গোস্বামী, উৎপলা গোস্বামীৰ গীতে মুকলি সভাখনি সজীৱ কৰি তোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top