টিংখাং কলেজ আৰু অসমীয়া সাহিত্য সন্মিলনীৰ যৌথ উদ্যোগত ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষ্যে ৮-০৯-২০২৩ তাৰিখে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনত সহযোগ কৰে টিংখাং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, শিক্ষক সংস্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ ডিব্ৰুগড় মণ্ডলে ৷
কৰ্মশালাখনৰ প্ৰথমখন সত্ৰত “ভূপেন হাজৰিকাৰ গীত আৰু ৰচনাত সমাজ বাস্তৱতা” শীৰ্ষক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড° দিলীপ বৰাদেৱে ৷ দ্বিতীয় সত্ৰত সমল ব্যক্তিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ বিভাগীয় প্ৰধান ড° অনুৰাধা শৰ্মাই “ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ইয়াৰ প্ৰাসংগিকতা” শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৷ অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক ভাস্কৰ ভূঞাই সমল ব্যক্তিৰূপে উপস্থিত থাকি ইণ্টাৰনেটত অসমীয়া ভাষা প্ৰয়োগৰ প্ৰায়োগিক দিশসমূহ দেখুৱাই বক্তৃতা প্ৰদান কৰে ৷ কৰ্মশালাখন সঞ্চালনা কৰে টিংখাং মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ জীৱেশ্বৰ মহনদেৱে ৷ কৰ্মশালাখনত কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , অধ্যাপক-অধ্যাপিকা আৰু বিশ্ববিদ্যালয়ৰ গৱেষক শীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷
কৰ্মশালাৰ বিষয়ঃ
বিষয় ১ঃ ডঃ ভূপেন হাজৰিকাৰ গীত আৰু ৰচনাত সমাজ বাস্তৱতা ৷ বক্তাঃ ডিলীপ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়
বিষয়২ঃ ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ইয়াৰ প্ৰাসংগিকতা ৷ বক্তাঃ অনুৰাধা শৰ্মা আৰু ভাস্কৰ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়
- অনুষ্ঠানৰ বাতৰি https://fb.watch/mXK-1BU-YD/?mibextid=RUbZ1f