বক্তাঃ ডঃ অৰবিন্দ ৰাজখোৱা (বিশিষ্ট লেখক, অধ্যাপক, নৰ্থ লখিমপুৰ কলেজ)
৭ ডিচেম্বৰ, ২০২৩ তাৰিখে কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্মদিন উপলক্ষে অসমীয়া সাহিত্য সন্মিলনীয়ে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ এই বক্তৃতাটো প্ৰদান কৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই৷ বক্তৃতাটিৰ বিষয় হৈছে- ‘হোমেন বৰগোহাঞি আৰু আধুনিক অসম’৷ নিৰ্দিষ্ট দিনটোত সন্ধ্যা ৭ বজাৰপৰা অনলাইন মাধ্যমেৰে এই বক্তৃতাটো প্ৰদান কৰা হয়৷ প্ৰধান সম্পাদক ভাস্কৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে কাৰ্যকৰী সভাপতি ডঃ বিৰিঞ্চি কুমাৰ দাসে৷ ডঃ ৰাজখোৱাই ৪৫ মিনিটৰ সাৰগৰ্ভ এটি বক্তৃতা প্ৰদান কৰে৷ সভাৰ শেষত ধূৰ্জ্জটি শৰ্মা, অনুৰাধা শৰ্মা, শ্বেইখ মকবুল ইছলামে মনৰ ভাৱ আদান-প্ৰদান কৰে৷ সভাৰ শেষত ভাস্কৰ ভূঞাই সলাগৰ শৰাই আগবঢ়ায়৷