ৰাষ্ট্ৰীয় আলোচনা সত্ৰ (National Seminar)

বিষয় : “উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত প্ৰকৃতি আৰু পৰিৱেশ” (Nature and Environment in the Literatures of North East India)

🗓️ তাৰিখ : ১০ আৰু ১১ অক্টোবৰ, ২০২৫
📍স্থান : টিংখাং মহাবিদ্যালয়, ডিব্ৰুগড়

🎓 আয়োজক: অসমীয়া সাহিত্য সন্মীলনীৰ সহযোগত টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত৷

নমস্কাৰ গ্ৰহণ কৰিব৷
অসমীয়া সাহিত্য সন্মিলনীৰ সহযোগত টিংখাং মহাবিদ্যালয় আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত অক্টোবৰ মাহৰ ১০ আৰু ১১ তাৰিখে এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই আলোচনা সত্ৰৰ শীৰ্ষক হৈছে– ‘উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত প্ৰকৃতি আৰু পৰিৱেশ’৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৃষ্টি হোৱা বিভিন্ন ভাষাৰ বিভিন্ন সাহিত্যত ‘প্ৰকৃতি’ আৰু ‘পৰিৱেশ’ বিষয়ক অসংখ্য সৃষ্টিশীল সাহিত্যৰ সৃষ্টি হোৱাৰ লগতে প্ৰবন্ধ, নিবন্ধ, গৱেষণা গ্ৰন্থ আদিৰ সৃষ্টি হৈছে৷ ‘প্ৰকৃতি সাহিত্য’ হিচাপেও একশ্ৰেণীৰ সাহিত্যই সাহিত্যত পৃথক স্বীকৃতি লাভ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলকেন্দ্ৰিক প্ৰকৃতি আৰু পৰিৱেশ বিষয়ক সাহিত্যৰ গতি-প্ৰকৃতি আৰু অন্যান্য দিশসমূহ সামৰি এই ৰাষ্ট্ৰীয় আলোচনা সত্ৰখনত বিভিন্ন প্ৰাসংগিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লক্ষ্য ৰখা হৈছে৷ এই আলোচনা সত্ৰত গৱেষণা পত্ৰ পাঠ কৰিবলৈ আপোনাক/আপোনালোকক এই পত্ৰৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ৷

উপ-বিষয়সমূহ
১. উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত প্ৰকৃতি আৰু জীৱন (Nature and Life in the Literature of Northeast India)
২. উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সাহিত্যত প্ৰকৃতি আৰু পৰিৱেশ (Nature and Environment in the Folklore of Northeast India)
৩. উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতি আৰু অৰ্থনীতি (Nature and Economy of Northeast India)
৪. উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত লোককথা আৰু লোকচিকিৎসা (Folktales and Folk Medicine in the Literature of Northeast India)
৫. সাহিত্যত জনগোষ্ঠীয় সমাজ-সংস্কৃতি আৰু পৰিৱেশ চেতনা (Tribal Socio-culture and Environmental Consciousness in Literature)
৬. সাহিত্যৰ বিভিন্ন বিধাত পৰিৱেশ আৰু প্ৰকৃতি প্ৰসংগ (Discourse on Environment and Nature in Different Genres of Literature)
৭. প্ৰকৃতি আৰু পৰিৱেশ বিষয়ক সাহিত্যত ধাৰ্মিক প্ৰসংগ (Religious Contexts in Nature and Environment-related Literature)
৮. ৰাজনৈতিক প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতি আৰু পৰিৱেশ (Nature and Environment of Northeast India in the Political Context)
৯. উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগ (The Theme of Climate Change in the Literature of Northeast India)
১০. পাৰিপাশ্বিৰ্ক সাহিত্য সমালোচনা আৰু সাহিত্য (Ecocriticism and Literature)
১১. উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত প্ৰকৃতিৰ প্ৰতীকী উপস্থাপন (The Symbolic Representation of Nature in the Literature of Northeast India)
১২. উত্তৰ-পূৰ্বাঞ্চলৰ গীতত প্ৰকৃতি আৰু পৰিৱেশ (Nature and Environment in the Songs of Northeast India)
১৩. উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰত প্ৰকৃতি আৰু পৰিৱেশ (Nature and Environment in the Films of Northeast India)
১৪. যুদ্ধ, সংঘাত আৰু পৰিৱেশ সংকটৰ সাহিত্যিক প্ৰতিফলন (Literary Reflection of War, Conflict, and Environmental Crisis)
১৫. মূল বিষয়ৰ লগত সংগতি থকা যিকোনো উপ বিষয় (Any sub-topic related to the central theme)

আলোচনা চক্ৰৰ বিষয়ে জানিবলগীয়া বিশেষ বিষয়সমূহ
– সংক্ষিপ্ত সাৰ পঠোৱাৰ ঠিকনাঃ এই লিংকত ক্লিক কৰি সংক্ষিপ্ত সাৰ পঠিয়াব লাগিব৷
– সংক্ষিপ্ত সাৰ কেৱল ইউনিক’ড মাধ্যমেৰে উল্লিখিত গুগ’ল ফৰ্মৰ জৰিয়তে পঠিয়াব লাগিব৷
– সংক্ষিপ্ত সাৰ ৩৫০ শব্দৰ ভিতৰত লিখি পঠিয়াব ৷

প্ৰয়োজনীয় তাৰিখ
সংক্ষিপ্ত সাৰ পঠোৱাৰ শেষ তাৰিখঃ ২৭-০৯-২০২৫
নিৰ্বাচিত সংক্ষিপ্ত সাৰৰ তালিকা প্ৰকাশঃ ২৮-০৯-২০২৫
পঞ্জীয়নৰ শেষ তাৰিখঃ ০২-১০-২০২৫
যোগাযোগঃ ৮৭৫১৯৪৩৩৮৭/৭০০২০০৫৩৫৫/৯৯৫৪৪২৫১৯৭

পঞ্জীয়ন মাচুল
৮০০/- টকা (শিক্ষকৰ বাবে), ৫০০/- টকা (গৱেষকৰ বাবে) আৰু ৩০০/- টকা (শিক্ষাৰ্থীৰ বাবে)৷
নিৰ্বাচিতসকলক মেইল যোগে জনোৱা হ’ব আৰু সংক্ষিপ্ত সাৰ নিৰ্বাচিত হোৱাসকলক সময়মতে যাৱতীয় ধন জমা দিয়াৰ সবিশেষ জনোৱা হ’ব৷

আগ্ৰহীসকলে নিয়মিতভাৱে তথ্য পাই থাকিবৰ বাবে হোৱাটছ্‌এপ গ্ৰুপত সংযুক্ত হ’ব পাৰিব৷ Click this link to join our WhatsApp group

আলোচনা সত্ৰ আয়োজক সমিতি
উপদেষ্টা

অধ্যাপক মুকুল চক্ৰৱৰ্ত্তী, সভাপতি, অসমীয়া সাহিত্য সন্মিলনী
ড॰ বিৰিঞ্চি কুমাৰ দাস, কাৰ্যকৰী সভাপতি, অসমীয়া সাহিত্য সন্মিলনী
ড॰ মৌচুমী গগৈ, অধ্যক্ষ, টিংখাং মহাবিদ্যালয়
ড॰ জ্যোতিপ্ৰসাদ কোঁৱৰ, অধ্যক্ষ, নাহৰকটীয়া মহাবিদ্যালয়
ড॰ দিলীপ বৰা, প্ৰধান সচেতক, অসমীয়া সাহিত্য সন্মিলনী
ড॰ অনুৰাধা শৰ্মা, কেন্দ্ৰীয় সদস্য, অসমীয়া সাহিত্য সন্মিলনী
ড॰ স্মৃতি ৰেখা গগৈ গায়ন, প্ৰশাসনিক সমন্বয়ক, অসমীয়া বিভাগ, নাহৰকটীয়া মহাবিদ্যালয়
ড॰ দিগন্ত কুমাৰ গগৈ, উপাধ্যক্ষ, টিংখাং মহাবিদ্যালয়
ড॰ অনন্ত কুমাৰ বৰুৱা, সমন্বয়ক, আভ্যন্তৰীণ মান নিৰূপণ কোষ, নাহৰকটীয়া মহাবিদ্যালয়
সদস্য
নকুল ফুকন, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, টিংখাং মহাবিদ্যালয়
ড॰ ৰুণুমী সোণোৱাল, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, নাহৰকটীয়া মহাবিদ্যালয়
নিজুমণি বনিয়া, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, টিংখাং মহাবিদ্যালয়

সমন্বয়ক
ড॰ ভাস্কৰ ভূঞা, প্ৰধান সম্পাদক, অসমীয়া সাহিত্য সন্মিলনী
ড॰ বিনীতা মৰাং, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, টিংখাং মহাবিদ্যালয়
ড॰ পৰেশ খনিকৰ, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, নাহৰকটীয়া মহাবিদ্যালয়

যোগাযোগঃ ৮৭৫১৯৪৩৩৮৭/৯৯৫৪৪২৫১৯৭/৭০০২০০৫৩৫৫

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top