‘ৰাজ্যিক সদস্য পদ’ কি ?
অসমীয়া সাহিত্য সন্মিলনীৰ ‘ৰাজ্যিক সদস্য’ পদটি সন্মিলনীৰ এটি সন্মানীয় পদ৷ ৰাজ্যিক সদস্য হিচাপে এই পদৰ সদস্যসকলে অসমীয়া সাহিত্য সন্মিলনীৰ সামগ্ৰিক কাৰ্যক্ৰমণিকাত পোনপটীয়াকৈ অংশ লোৱাৰ সুবিধা লাভ কৰিব৷ অসমীয়া সাহিত্য সন্মিলনীৰ নীতি-নিয়ম, আইন-কানুন আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয় কৰণতো এই সদস্যসকলে পোনপটীয়াকৈ অংশ ল’ব পাৰিব৷ তেওঁলোকক সন্মিলনীৰ সক্ৰিয় সদস্য হিচাপে স্বীকৃতি দিয়া হ’ব৷ বিভিন্ন কাৰ্যসূচীত অগ্ৰাধিকাৰ দিয়া হ’ব৷
‘ৰাজ্যিক সদস্য পদ’ৰ স্বীকৃতি লাভ কৰিবলৈ কেনেদৰে আগবাঢ়িব লাগিব?
ৰাজ্যিক সদস্য পদটিৰ বাবে আবেদন জনাব বিচৰা সদস্যসকলে নিম্নোলিখিত ধৰণে এখন গুগ’ল ফৰ্ম পূৰ কৰিব লাগিব ৷ দ্বিতীয়তে সদস্য বৰঙণি হিচাপে প্ৰতিমাহে ১০০ টকাকৈ সন্মিলনীৰ একাউণ্টত জমা দিবলৈ সন্মতি প্ৰকাশ কৰিব লাগিব৷ এই ১০০ টকাৰ বৰঙণি বছৰত একেলগে গ্ৰহণ কৰা নহয়৷ প্ৰতিমাহে নিজৰ বেঙ্কৰ পৰা এই বৰঙণি সন্মিলনীৰ একাউণ্টলৈ অহাটো নিশ্চিত কৰিব লাগিব৷ তাৰ বাবে এখন ‘Indent Form’ এই ৱেবচাইটৰপৰা ডাউনল’ড কৰি নিজৰ একাউণ্ট থকা বেঙ্কৰ শাখাত জমা কৰিব লাগিব৷ এই সন্দৰ্ভত যিকোনো প্ৰশ্ন বা জানিবলগীয়া থাকিলে অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সচেতক দিলীপ বৰাৰ সৈতে বা প্ৰধান সম্পাদকৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ উল্লেখযোগ্য যে এই ১০০ টকাৰ মূল্যৰ অৰিহনা যিকোনো সময়ত নিজৰ ইচ্ছামতে সদস্যগৰাকীয়ে বন্ধ কৰিব পাৰিব৷ ৰাজ্যিক সদস্যৰ পৰা আহৰণ কৰা অৰ্থৰ খা-খৰছৰ সকলো নথি-পত্ৰ ৰাজ্যিক সদস্যসকলক সময়ে সময়ে জনোৱা হ’ব৷
প্ৰয়োজনীয় প্ৰ-পত্ৰ
অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সদস্য পদৰ বাবে সন্মতিৰ প্ৰ-পত্ৰঃ এই গুগ’ল ফৰ্মখন পূৰণ কৰক৷
অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সদস্য পদৰ বাবে দিবলগীয়া মাহেকীয়া ধনৰ প্ৰ-পত্ৰঃ ইয়াত ক্লিক কৰি নিৰ্দিষ্ট প্ৰ-পত্ৰখন ডাউনলোড কৰক আৰু প্ৰ-পত্ৰখন পূৰাই আপোনাৰ একাউণ্ট থকা বেঙ্কত জমা কৰক।