দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা সত্ৰ
ব্ৰহ্মপুত্ৰ আৰু জ্ঞান পৰম্পৰা: নদী, জ্ঞান, সংস্কৃতি, পৰিস্থিতিতন্ত্ৰ আৰু সমাজৰ পুনৰালোচনা

তাৰিখ: ২২ আৰু ২৩ ডিচেম্বৰ, ২০২৬

আয়োজকঃ
অসমীয়া সাহিত্য সন্মিলনী
আৰু
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম

সহযোগিতাঃ
ব্ৰহ্মপুত্ৰ ব’ৰ্ড, গুৱাহাটী, অসম

বিষয়ৰ পৰিচয়
এখন নদী মানেই জ্ঞান, ইতিহাস, সংস্কৃতি, অৰ্থনীতি, স্মৃতি আৰু বিশ্বাসৰ এক জীৱন্ত দলিল৷ নদী এখনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজ, সভ্যতা আৰু সাংস্কৃতিক পৰম্পৰাই মানুহৰ জীৱন-যাপন, চিন্তা-চৰ্চা, সাহিত্য-সংস্কৃতি, পৰিৱেশৰ সৈতে সহাৱস্থান আৰু বসতি স্থাপনৰ ধাৰাক বিভিন্ন ধৰণে প্ৰভাৱিত কৰি আহিছে। নদীয়ে জ্ঞানৰ সৃষ্টি আৰু ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জ্ঞানৰ আদান-প্ৰদান, প্ৰসাৰ আৰু ৰূপান্তৰৰ ক্ষেত্ৰতো বিশেষ অৱদান আগবঢ়ায়। এই দৃষ্টিকোণৰ পৰা ব্ৰহ্মপুত্ৰ নদী ভাৰতবৰ্ষৰ লগতে অসমৰ জনসাধাৰণ আৰু ইয়াৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু বহুমাত্ৰিক অধ্যয়নৰ বিষয়।
বিভিন্ন জনগোষ্ঠী, সমাজ আৰু সাংস্কৃতিক পৰম্পৰাক সমৃদ্ধ কৰা ব্ৰহ্মপুত্ৰ নদীখন অসমৰ ইতিহাস, জীৱন-জীৱিকা আৰু জ্ঞান-পৰম্পৰাৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ আছে। কৃষি, যাতায়াত, লোককথা, লোকসংগীত, সাহিত্য, ধৰ্মীয় আচাৰ-অনুষ্ঠান, প্ৰব্ৰজন আৰু বাণিজ্যৰ লগতে মানুহৰ প্ৰকৃতিৰ সৈতে সহাৱস্থানেৰে জীয়াই থকাৰ পদ্ধতিতো নদীখনৰ প্ৰভাৱ সুস্পষ্ট। বানপানী, গৰাখহনীয়া, চৰ-চাপৰিৰ সৃষ্টি তথা নদীৰ গতিপথৰ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰি স্থানীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহে প্ৰকৃতি, পানী, মাটি, বতৰ আৰু জীৱবৈচিত্ৰ্য সম্পৰ্কে বিভিন্ন অভিজ্ঞতাভিত্তিক জ্ঞান আহৰণ কৰি আহিছে। এই জ্ঞানৰাজিৰ সংৰক্ষণ, স্বীকৃতি প্ৰদান আৰু আনুষ্ঠানিক জ্ঞানৰ সৈতে ইয়াৰ সম্পৰ্ক নিৰ্ণয় কৰাটোও এক গুৰুত্বপূৰ্ণ আলোচ্য বিষয়।
ভাৰতীয় সাহিত্যৰ লগতে অসমীয়া সাহিত্য, লোককথা, মৌখিক আখ্যান, সংগীত, চলচ্চিত্ৰ, ভ্ৰমণ-সাহিত্য আৰু সংবাদ-মাধ্যমত ব্ৰহ্মপুত্ৰৰ বহুমাত্ৰিক ৰূপটো বিভিন্নধৰণে প্ৰতিফলিত হৈছে। এই সৃষ্টিকৰ্মসমূহৰ মাজেৰে নদীখনৰ সৈতে জড়িত হৈ থকা জনসাধাৰণৰ জীৱন-জীৱিকা, স্মৃতি, পৰিচয়, স্থানচ্যুতি, অনিশ্চয়তা আৰু প্ৰতিকূলতাৰ মাজতো জীয়াই থকাৰ সংগ্ৰাম আদি বিষয়বোৰ প্ৰকাশ পাইছে। সেয়েহে ব্ৰহ্মপুত্ৰ নদীৰ বিদ্যায়তনিক অধ্যয়নে নদী আৰু মানুহৰ সম্পৰ্কৰ লগতে সমাজৰ সাংস্কৃতিক পৰিচয়, সামূহিক স্মৃতি আৰু পৰিৱেশৰ পৰা পোৱা অভিজ্ঞতা আদি বুজি পোৱাৰো সুযোগ প্ৰদান কৰে।
এই ৰাষ্ট্ৰীয় আলোচনা সত্ৰৰ উদ্দেশ্য হৈছে সাহিত্য আৰু সাংস্কৃতিক অধ্যয়ন, পৰিৱেশ-মানৱীকিবিদ্যা, আঞ্চলিক জ্ঞান পৰম্পৰা, ইতিহাস, নৃতত্ত্ব, ভূগোল, জলবিজ্ঞান আৰু সমাজতত্ত্বকে আদি কৰি বিভিন্ন জ্ঞানক্ষেত্ৰৰ মাজত আন্তঃবিষয়ক আলোচনা-পৰ্যালোচনা তথা বিদ্যায়তনিক অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰা। এই আলোচনা সত্ৰৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জ্ঞান, সংস্কৃতি, স্মৃতি, জীৱিকা আৰু পৰিৱেশৰ বহুমাত্ৰিক সম্পৰ্কসমূহৰ অনুসন্ধান কৰা হ’ব। নদীকেন্দ্ৰিক দৃষ্টিভংগীৰে পানী, মানুহ, সমাজ আৰু পৰিৱেশৰ পাৰস্পৰিক নিৰ্ভৰশীলতা উপলব্ধি কৰি ব্ৰহ্মপুত্ৰ নদীক এক প্ৰকাৰৰ গতিশীল জ্ঞান-ব্যৱস্থা আৰু সাংস্কৃতিক আধাৰ হিচাপে নতুন দৃষ্টিভংগীৰে আলোচনা কৰাই এই আলোচনা-সত্ৰৰ মূল লক্ষ্য।

আলোচনাৰ বিষয়বস্তু
• জ্ঞান-পৰম্পৰা হিচাপে নদী
• ব্ৰহ্মপুত্ৰ আৰু আঞ্চলিক জ্ঞান পৰম্পৰা
• নদী, সাহিত্য আৰু সাংস্কৃতিক অৱধাৰণা
• নদী, স্মৃতি আৰু ইতিহাস
• নদী, পৰিস্থিতিতন্ত্ৰ আৰু পৰিৱেশ-মানৱীকিবিদ্যা
• নদীকেন্দ্ৰিক জনগোষ্ঠী আৰু দৈনন্দিন জীৱন
• বানপানী, গৰাখহনীয়া আৰু সহাৱস্থান
• নদী, উন্নয়ন আৰু নিয়ন্ত্ৰণ
• নদী সম্পৰ্কীয় জ্ঞান, বিজ্ঞানৰ আৰু প্ৰযুক্তি
• নদী সম্পৰ্কীয় জ্ঞান, অনুবাদ আৰু ভাষা
• পৰিৱেশ্য কলা, দৃশ্য কলা আৰু নদী
• লিংগ, জাতি, শ্ৰেণী আৰু নদীকেন্দ্ৰিক জ্ঞান
• তুলনাত্মক নদী অধ্যয়ন
• ব্ৰহ্মপুত্ৰৰ ভৱিষ্যৎ
• মূল বিষয়ৰ সৈতে জড়িত আন যিকোনো বিষয়

মূল আলোচ্য প্ৰশ্নসমূহ
• ব্ৰহ্মপুত্ৰক জ্ঞানৰ ক্ষেত্ৰ আৰু জ্ঞানৰ উৎস হিচাপে কেনেদৰে বুজিব পাৰি?
• নদীৰ সৈতে সহাৱস্থানৰ ফলত কেনে ধৰণৰ জ্ঞানৰ উদ্ভৱ হয়?
• খিলঞ্জীয়া আৰু স্থানীয় জনগোষ্ঠীসমূহে নদীখনক কেনেদৰে বুজি পায় আৰু ইয়াৰ সৈতে জড়িত পৰিৱৰ্তনসমূহৰ প্ৰতি কেনেদৰে সঁহাৰি জনায়?
• ব্ৰহ্মপুত্ৰই সাহিত্য, লোককথা, সংগীত আৰু সাংস্কৃতিক স্মৃতিক কেনেদৰে প্ৰভাৱিত কৰে?
• বানপানী, গৰাখহনীয়া আৰু স্থানচ্যুতিয়ে নদীকেন্দ্ৰিক পৰিচয়ক কেনেদৰে ৰূপান্তৰিত কৰিছে?
• থলুৱা জ্ঞান আৰু বৈজ্ঞানিক জ্ঞানৰ মাজত কেনেদৰে সম্পৰ্ক স্থাপন কৰিব পাৰি?
• নদীকেন্দ্ৰিক দৃষ্টিভংগীয়ে পৰিৱেশ-মানৱীকিবিদ্যা আৰু সাহিত্য অধ্যয়নলৈ কি অৱদান আগবঢ়াব পাৰে?
• নদীকেন্দ্ৰিক জ্ঞানে বহনক্ষম আৰু ন্যায়সংগত নদী-নিয়ন্ত্ৰণ ব্যৱস্থাক কেনেদৰে সমৃদ্ধ কৰিব পাৰে?
• ঔপনিৱেশিক চিন্তাৰ পৰা মুক্ত জ্ঞানতাত্ত্বিক দৃষ্টিৰে ব্ৰহ্মপুত্ৰৰ স্বৰূপ কেনে হ’ব পাৰে?
• ব্ৰহ্মপুত্ৰকেন্দ্ৰিক জ্ঞানে আমাক বিকল্প পৰিস্থিতিতান্ত্ৰিক ভৱিষ্যৎ কল্পনা কৰাত কেনেদৰে সহায় কৰিব পাৰে?

গৱেষণা-পত্ৰ আহ্বান
‘‘ব্ৰহ্মপুত্ৰ আৰু জ্ঞান পৰম্পৰা: নদী, জ্ঞান, সংস্কৃতি, পৰিস্থিতিতন্ত্ৰ আৰু সমাজৰ পুনৰালোচনা” শীৰ্ষক মূল বিষয়টোৰ সৈতে সম্পৰ্কিত গৱেষণা-পত্ৰ দাখিল কৰিবলৈ গৱেষক, শিক্ষক, শিক্ষাৰ্থী, পেছাদাৰী ব্যক্তি, লেখক, শিল্পী, পৰিৱেশবিদ, বিজ্ঞানী আৰু আগ্ৰহীসকলক আমন্ত্ৰণ জনোৱা হৈছে। এই আলোচনা-চক্ৰত বিশেষভাৱে আন্তঃবিষয়ক, বহুবিষয়ক, তুলনাত্মক, ক্ষেত্ৰভিত্তিক আৰু সমাজ-সম্পৃক্ত গৱেষণা কৰ্মক উৎসাহিত কৰা হ’ব। গৱেষকসকলে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত গৱেষণা-পত্ৰ দাখিল কৰিব পাৰিব।

সাৰাংশ দাখিল
গৱেষণা-পত্ৰৰ ২৫০–৩০০ শব্দৰ সাৰাংশৰ সৈতে তলত উল্লেখ কৰা তথ্যসমূহ দাখিল কৰিব লাগিব—
• গৱেষণা-পত্ৰৰ শিৰোনাম
• গৱেষকৰ নাম
• প্ৰতিষ্ঠানৰ নাম আৰু পদবী/পৰিচয়
• ই-মেইল ঠিকনা আৰু যোগাযোগৰ ফোন নম্বৰ
• পাঁচটা মূল শব্দ বা বীজ শব্দ
• গৱেষকৰ চমু পৰিচয় (প্ৰায় ১০০ শব্দৰ ভিতৰত)

সংক্ষিপ্তসাৰ প্ৰেৰণৰ গুগ’ল লিংক: https://forms.gle/dmJUPeWRiXeo2xuV7

গুৰুত্বপূৰ্ণ তাৰিখসমূহ
সাৰাংশ দাখিলৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ, ২০২৬
গ্ৰহণযোগ্যতাৰ জাননী ২৫ নৱেম্বৰ, ২০২৬
আলোচনা-চক্ৰৰ তাৰিখ ২২ আৰু ২৩ ডিচেম্বৰ, ২০২৬

পঞ্জীয়ন মাচুল

শিক্ষক, পেছাদাৰী ব্যক্তি আৰু দৰমহাপ্ৰাপ্ত কৰ্মচাৰী ১,৭০০ টকা
গৱেষক ১,২০০ টকা
শিক্ষাৰ্থী ৮০০ টকা

আলোচনা-চক্ৰৰ মাধ্যম আৰু স্থান
মাধ্যম: অফলাইন

স্থান: আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম।

প্ৰকাশন
নিৰ্বাচিত গৱেষণা-পত্ৰসমূহ প্ৰযোজ্য সম্পাদকীয় নীতি আৰু সমকক্ষ বিশেষজ্ঞৰ পৰ্যালোচনা প্ৰক্ৰিয়াৰ অধীনত সমীক্ষিত সম্পাদিত গ্ৰন্থ বা গৱেষণা-আলোচনীত প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব।

যোগাযোগ
ড° ধূৰ্জ্জটি শৰ্মা, সমন্বয়ক
ই-মেইল: [email protected]
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম
ড° ভাস্কৰ ভূঞা, সহ-সমন্বয়ক
ই-মেইল: [email protected]
প্ৰধান সম্পাদক, অসমীয়া সাহিত্য সন্মিলনী, অসম

সভাপতি
অধ্যাপক অনুৰাধা শৰ্মা
অধ্যাপক আৰু বিভাগীয় মুৰব্বী, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম

উপদেষ্টা মণ্ডলী
ড° ৰণবীৰ সিং
আই এ এছ (অৱসৰপ্ৰাপ্ত), অধ্যক্ষ, ব্ৰহ্মপুত্ৰ ব’ৰ্ড, বশিষ্ঠ, গুৱাহাটী
অধ্যাপক মুকুল চক্ৰৱৰ্তী
সভাপতি, অসমীয়া সাহিত্য সন্মিলনী, গুৱাহাটী, অসম
অধ্যাপক দিলীপ বৰা
অধ্যাপক আৰু প্ৰাক্তন বিভাগীয় মুৰব্বী, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top