অসমীয়া সাহিত্য সন্মিলনী পত্রিকা, ২০২৭ বৰ্ষৰ পঞ্চদশ সংখ্যাৰ বাবে গৱেষণা পত্ৰ আহ্বান

অসমীয়া সাহিত্য সন্মিলনী পত্রিকা (ISSN 2347-257X)
বিশেষজ্ঞ-পৰ্যালোচিত মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক গৱেষণা পত্রিকা
যোগাযোগ: [email protected] / +91 8751943387

‘অসমীয়া সাহিত্য সন্মিলনী’ৰ দ্বাৰা প্ৰকাশিত অসমীয়া সাহিত্য সন্মিলনী পত্রিকা হৈছে মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিষয়ক এখন ‘বিশেষজ্ঞ-পৰ্যালোচিত বাৰ্ষিক গৱেষণা পত্রিকা’। এই পত্ৰিকালৈ গৱেষকসকলৰ পৰা ২০২৭ বৰ্ষৰ পঞ্চদশ সংখ্যাৰ বাবে অসমীয়া ভাষাত মৌলিক আৰু অপ্ৰকাশিত গৱেষণা পত্ৰ আহ্বান কৰা হৈছে।

গৱেষণাৰ ক্ষেত্ৰ
• সাহিত্য, ভাষাবিজ্ঞান, সাংস্কৃতিক অধ্যয়ন
• ইতিহাস, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান
• শিক্ষা, গণসংযোগ, লোকসাহিত্য
• মানবিকীবিদ্যা আৰু সমাজ বিজ্ঞানৰ অন্য যিকোনো শাখা

গৱেষণা পত্ৰ প্ৰেৰণৰ নিয়মাৱলী
• মৌলিকতাৰ ঘোষণা: প্ৰেৰণ কৰা গৱেষণা পত্ৰখন অন্য কোনো ঠাইত প্ৰকাশিত নহয় বুলি গৱেষকে স্বাক্ষৰযুক্ত ঘোষণা পত্ৰ দিব লাগিব৷
• শীৰ্ষক আৰু গৱেষকৰ তথ্য: প্ৰথম পৃষ্ঠাৰ শীৰ্ষত গৱেষণাৰ শীৰ্ষকৰ লগতে গৱেষকৰ সম্পূৰ্ণ নাম, পৰিচয়, ঠিকনা, ই-মেইল আৰু অন্যান্য প্ৰাসঙ্গিক তথ্য দিব লাগিব৷


গৱেষণা পত্ৰ লিখনৰ নিয়ম
• গৱেষণা পত্ৰ লিখিবৰ বাবে কেৱল Microsoft Word ছফ্‌টৱেৰ ব্যৱহাৰ কৰিব৷
• ফণ্ট: কেৱল বাণীকান্ত বা কালপুৰুষ ফণ্ট ব্যৱহাৰ কৰক৷
• ফণ্টৰ আকাৰ: ১২
• সম্পাদনাযোগ্য soft copy (PDF নহয়) ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰিব।

গৱেষণা পত্ৰৰ গঠন
• সাৰাংশ (৩৫০টা শব্দৰ ভিতৰত)
• বীজ শব্দ (৩–৫টা)
• আলোচনাৰ অংশ
• উপসংহাৰ
• টোকা আৰু তথ্যসূত্র
• শব্দসীমা: প্ৰায় ৩০০০–৪০০০ শব্দ (তথ্যসূত্র আৰু গ্ৰন্থপঞ্জীসহ)ৰ ভিতৰত লিখিব।
• উদ্ধৃতি শৈলী: MLA 9th Edition অনুসৰি তথ্যসূত্র আৰু গ্ৰন্থপঞ্জী দিব।
• গৱেষকৰ পৰিচয়: ৫০–৭৫ শব্দৰ ভিতৰত গৱেষকৰ সংক্ষিপ্ত পৰিচয় আৰু যোগাযোগৰ তথ্য দিব।
• গৱেষণা পত্ৰ প্ৰেৰণৰ ই-মেইল: [email protected]

প্ৰকাশন মাচুল
• গৱেষণা পত্ৰ প্ৰকাশৰ বাবে বিবেচিত হ’লে প্ৰতিজন গৱেষকে এঘাৰশ টকা (₹১,১০০) পৰিশোধ কৰিব লাগিব৷
(গৱেষণা পত্ৰ গৃহীত হোৱাৰ পাছত নিৰ্দিষ্ট ধনৰাশি পৰিশোধৰ বাবে যোগাযোগ কৰা হ’ব৷)

টোকা: সকলো গৱেষণা পত্ৰ দুবাৰকৈ বিশেষজ্ঞ-পৰ্যালোচিত সমিতিৰ দ্বাৰা গোপন সমীক্ষা (double-blind peer review)ৰ মাজেৰে বিচাৰ কৰি চোৱা হ’ব৷ সম্পাদনা সমিতিয়ে গৃহীত গৱেষণা পত্ৰখনৰ ভাষা আৰু শৈলী উন্নত কৰিবলৈ সম্পাদনা কৰাৰ অধিকাৰ থাকিব।

গৱেষণা পত্ৰ প্ৰেৰণৰ শেষ তাৰিখ: ১০ জুন ২০২৬

সাদৰেৰে,

ড° ভাস্কৰ ভূঞা
মুখ্য সম্পাদক
অসমীয়া সাহিত্য সন্মিলনী
ই-মেইল: [email protected], ফোন: 8751943387

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top