
অসমীয়া সাহিত্য সন্মিলনীৰ “সদস্য বৰেণ্য” সন্মান প্ৰদান অনুষ্ঠানৰ সফল সামৰণি। পুৰণিগুদামৰ বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী ফণীন্দ্ৰনাথ গায়নলৈ ‘’সদস্য বৰেণ্য’’ সন্মান।
নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাঙ্গণত আজি ৮ আগষ্ট (২০২৬) তাৰিখে অসমীয়া সাহিত্য সন্মিলনীৰ “সদস্য বৰেণ্য” সন্মান প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে সন্মিলনীৰ ২০২৫-২৭ বৰ্ষৰ বাবে সন্মিলনীৰ সৰ্বোচ্চ ‘সদস্য বৰেণ্য’ সন্মান নগাঁও জিলাৰ পুৰণিগুদামৰ বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী ফণীন্দ্ৰনাথ গায়নদেৱক প্ৰদান কৰা হয়৷
আজি দিনৰ ১১.৩০ বজাত বিশিষ্ট সাহিত্যিকগৰাকীক পুৰণিগুদামস্থিত শ্ৰীশ্ৰী গড়মূৰ শাখা সত্ৰৰ সন্মুখৰ পৰা শঙ্খধ্বনি শিল্পী সমাজৰ সম্পাদক জ্ঞানদীপ হাজৰিকাৰ তত্বাৱধানত এটি সাংস্কৃতিক দলে গায়ন-বায়নেৰে সভাগৃহলৈ আদৰি আনে ৷ আদৰণি সমিতিৰ সম্পাদক, সাংবাদিক নীলৰঞ্জন শৰ্মা আৰু অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° ভাস্কৰ ভূঞাই যুটীয়াভাৱে আঁত ধৰা অনুষ্ঠানটি এটি বৰগীতেৰে শুভাৰম্ভ কৰে শংকৰদেৱ বিদ্যানিকেতন পুৰণিগুদামৰ ছাত্ৰী অন্বেষা গগৈয়ে৷
পৰৱৰ্তী কাৰ্য্যসূচী মৰ্মে বিশিষ্ট অতিথিসকল ক্ৰমে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰনাথ গায়ন, অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য সচেতক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰধ্যাপক ড° দিলীপ বৰা, সহকাৰী অধ্যাপক ধূৰ্জ্জটি শৰ্মা, অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড°মুকুল চক্ৰৱৰ্তী আৰু আদৰণি সমিতিৰ সভাপতি, সমাজকৰ্মী পূৰ্ণানন্দ ভূঞাই আসন গ্ৰহণ কৰাৰ পাছতে ‘সন্মিলনী সংগীত’ পৰিৱেশন কৰা হয় ৷ সঙ্গীত শিল্পী পবিত্ৰ বৰা আৰু চয়নিকা দাসৰ পৰিচালনাত শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰীসকলে এই সন্মিলনী সংগীতটি পৰিৱেশন কৰে। গীতটিৰ ৰচক ড° দিলীপ বৰা আৰু সুৰকাৰ প্ৰয়াত যজ্ঞ বেজবৰুৱা।

অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক ড° ভাস্কৰ ভূঞাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে আদৰণী ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি পূৰ্ণানন্দ ভূঞাই ৷ সন্মিলনীৰ “সদস্য বৰেণ্য” সন্মান সম্পৰ্কে বক্তৃতা প্ৰদান কৰি ড° দিলীপ বৰাই অসমীয়া সাহিত্য সন্মিলনীয়ে বিগত দিনত শৈক্ষিক-সামাজিক ক্ষেত্ৰত দায়বদ্ধতাৰে আৰু সাহিত্যৰ মাধ্যমেৰে কৰি অহা কৰ্মৰাজিৰ ওপৰত এটি মনোজ্ঞ বিশ্লেষণ আগবঢ়াই ৷ বিশিষ্ট অতিথি ধূৰ্জ্জটি শৰ্মাইয়ো সভাত এটি মননশীল বক্তৃতা প্ৰদান কৰে।
আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফনীন্দ্ৰনাথ গায়নদেৱক “সদস্য বৰেণ্য” সন্মান প্ৰদান কৰে অসমীয়া সাহিত্য সন্মিলনীৰ হৈ সভাপতি ড° মুকুল চক্ৰৱৰ্তী প্ৰমুখ্যে সন্মিলনীৰ উপস্থিত বিষয়ববীয়াসকলে। অসমীয়া সাহিত্য সন্মিলনীৰ তৰফৰ পৰা এখন গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ আৰু এটি স্মাৰকেৰে বিশিষ্ট সাহিত্যিকগৰাকীক সন্মান প্ৰদান কৰাৰ পাছতে পুৰণিগুদামৰ পোন্ধৰটিকৈ সামাজিক অনুষ্ঠান,শিক্ষা প্ৰতিষ্ঠান ক্ৰমে, শ্ৰীশ্ৰী গড়মূৰ শাখা সত্ৰ,পুৰণিগুদাম; জালজৰী সন্মিলিত যুৱমঞ্চ,পুৰণিগুদাম; অনিৰ্বাণ গোষ্ঠী; অবিনশ্বৰ গোষ্ঠী; কলং কলা কেন্দ্ৰ; আলোড়ন গোষ্ঠী; অসম নাট্য সন্মিলন, পুৰণিগুদাম শাখা; পুৰণিগুদাম প্ৰেছ ক্লাব; অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, পুৰণিগুদাম আঞ্চলিক সমিতি; শঙ্খধ্বনি শিল্পী সমাজ; পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়; নিশিকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়; পুৰণিগুদাম কলংপাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল; শংকৰদেৱ বিদ্যানিকেতন, পুৰণিগুদাম আৰু কলংপাৰ জাতীয় বিদ্যালয়,পুৰণিগুদাম আদি অনুষ্ঠানে ‘সদস্য বৰেণ্য’ সন্মানপ্ৰাপক ফণীন্দ্ৰনাথ গায়নক সমূহীয়াকৈ অভিনন্দন জনাই।

ইয়াৰ পাছতে উক্ত অনুষ্ঠানত ড° মন্টুল কুমাৰ শৰ্মাৰ দ্বাৰা সম্পাদিত ক্ৰান্তিকাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ফণীন্দ্ৰনাথ গায়নৰ “শিশু সাহিত্য সমগ্ৰ“ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে সন্মিলনীৰ মুখ্য সচেতক ড° দিলীপ বৰাই ৷ সদস্য বৰেণ্য সন্মান প্ৰাপক ফণীন্দ্ৰনাথ গায়নে বঁটা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসঙ্গত তেখেতে সন্মিলনীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি জীৱনৰ ৮৮ বছৰ বয়সতো দুৰন্ত তৰুণ হৈ সুশৃংখলিত জীৱন অতিবাহিত কৰাৰ আঁৰত ৰাইজৰ মৰম আৰু আশীৰ্বাদেই প্ৰধান শক্তি হিচাপে আছে বুলি মত প্ৰকাশ কৰে৷

আজিৰ সভাত তেখেতৰ পত্নী প্ৰভা গায়নকো আদৰণি সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণী জনোৱাৰ লগতে ফণীন্দ্ৰনাথ গায়নৰ পৰিয়ালৰ তৰফৰ পৰাও অতিথি সকলক একোখনকৈ গামোচাৰে আদৰণী জনোৱা পৰিলক্ষিত হয় ৷ অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি ড° মুকুল চক্ৰৱৰ্তীয়ে সভাপতিৰ ভাষণ প্ৰদান কৰাৰ পাছতে আদৰণি সমিতিৰ সম্পাদক সাংবাদিক নীলৰঞ্জন শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু অসম সংগীত পৰিৱেশনেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সফল সামৰণি হয়।
































সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি চাবলৈ ক্লিক কৰক Democratic ASSAM, Risingnortheast, Taza Khobor
