
সকলোকে নমস্কাৰ জনাইছোঁ।
আমি জনাব বিচাৰোঁ যে- অসমীয়া সাহিত্য সন্মিলনীৰ গোলাঘাট জিলা সমিতি আৰু দৈয়াং শাখা সন্মিলনীৰ সদস্যসকলে বানপীড়িত অঞ্চলসমূহলৈ গৈ সাহায্য আগবঢ়োৱাৰ লগতে উদ্ধাৰ অভিযানতো সহযোগিতা আগবঢ়াইছে। সন্মিলনীৰ বহু কৰ্মী এতিয়াও বানপীড়িত অঞ্চলসমূহত সেৱাৰত অৱস্থাত আছে।
আমি সন্মিলনীৰ আন জিলা তথা শাখাসমূহৰ সন্মানীয় সৃজন সতীৰ্থসকলক বিনীতভাৱে আহ্বান জনাওঁ যে এই ভয়াৱহ দুৰ্যোগৰ সময়ত প্ৰত্যেকেই যাতে সাধ্যানুসাৰে আৰ্থিক তথা শাৰীৰিক সাহায্য আগবঢ়ায় আৰু বানাক্ৰান্তসকলৰ দুখ-কষ্টৰ সমভাগী হোৱাৰ প্ৰয়াস কৰে।
ইতিমধ্যে আমাৰ গোলাঘাট জিলাৰ সন্মানীয় সদস্য শ্ৰী যুগলজ্যোতি বৰা আৰু দৈয়াঙৰ শ্ৰী দীপক বৰা, প্ৰণৱ চক্ৰৱৰ্তী আদিয়ে বানপীড়িত অঞ্চলত সেৱা আগবঢ়াই আছে। সেয়েহে আমাৰ বিভিন্ন স্থানৰ সতীৰ্থসকলে কাপোৰ-কানি, খোৱা-সামগ্ৰী, অৰ্থ আদি আগবঢ়োৱাৰ ক্ষেত্ৰত তেখেতসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। আৰু তলৰ স্কেনাৰত অৰ্থ সাহায্য আগবঢ়াব পাৰে।
যোগাযোগ নম্বৰ
যোগলজ্যোতি বৰা- 70023 99639
দীপক বৰা-9365154339
প্ৰণৱ চক্ৰৱৰ্তী- 60028 90300
ইতি
ড° মুকুল চক্ৰৱৰ্তী
সভাপতি
অসমীয়া সাহিত্য সন্মিলনী
ড° ভাস্কৰ ভূঞা
প্ৰধান সম্পাদক
অসমীয়া সাহিত্য সন্মিলনী
Greetings to all.
We would like to inform you that members of the Golaghat District Committee and the Daiyang Branch of the Asomiya Sahitya Sanmilani have visited the flood-affected areas and have extended assistance, as well as support in rescue operations. Many of the Sanmilani’s volunteers are still actively engaged in relief work in these affected regions.
We strongly urge our valued members from other district and branch units of the Sanmilani to come forward during this grave crisis and contribute, to the best of their ability, both financially and physically, and to stand in solidarity with those suffering from the floods.
It is worth mentioning that our respected members from Golaghat district, Shri Jugaljyoti Bora, and from Daiyang, Shri Dipak Bora and Pranab Chakravarty, among others, are already engaged in relief efforts in the flood-affected areas. Therefore, members from different places may directly contact them to provide clothing, food supplies, financial assistance, and other necessary support. Financial contributions can also be made through the scanner provided below.
Contact Numbers:
Jugaljyoti Bora – 70023 99639
Dipak Bora – 9365154339
Pranab Chakravarty – 60028 90300
Yours sincerely,
Dr. Mukul Chakravarty
President
Asomiya Sahitya Sanmilani
Dr. Bhaskar Bhuyan
Chief Secretary
Asomiya Sahitya Sanmilani

