সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নদেৱলৈ ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ ‘সদস্য বৰেণ্য’ সন্মান

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৫-২৭ বৰ্ষৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে সন্মিলনীৰ সৰ্বোচ্চ সন্মান ‘সদস্য বৰেণ্য’ৰ বাবে নগাঁও জিলাৰ বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী ফণীন্দ্ৰ নাথ গায়নদেৱক মনোনীত কৰা হৈছে৷ উল্লেখনীয় যে, গায়নদেৱে অসম সাহিত্য সভাৰ নগাঁও জিলাৰ উপ-সভাপতিৰ আসন অলংকৃত কৰাৰ লগতে নগাঁও জিলা সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতে গল্প, উপন্যাস, জীৱনী, আলোচনা সাহিত্য, ব্যংগ সাহিত্য ইত্যাদিৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ লগতে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ প্ৰায়বোৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানক নেতৃত্ব প্ৰদান কৰি আহিছে৷

সন্মিলনীয়ে বিবেচনা কৰে যে, গায়নদেৱৰ কৰ্ম আৰু কৃতি মূলতঃ নগাঁও জিলাকেন্দ্ৰিক যদিও তেখেতৰ অৱদানে অসমৰ সাহিত্যিক আৰু সামাজিক-সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰিছে আৰু সেয়েহে সন্মিলনীয়ে তেখেতক এই সৰ্বোচ্চ সন্মান যাচিবলৈ পাই গৌৰৱ অনুভৱ কৰিছে৷ এই সন্মান প্ৰদান অনুষ্ঠানটি অহা ০৮ আগষ্টত দিনৰ ১১.০০ বজাৰ পৰা নগাঁও জিলাৰ পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰালত অনুষ্ঠিত হ’ব৷

এই অনুষ্ঠানৰ আয়োজনৰ বাবে ইতিমধ্যে বিশিষ্ট সমাজকৰ্মী পূৰ্ণানন্দ ভূঞাক সভাপতি, ড॰ সোমনাথ বৰা (উপাধ্যক্ষ, ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়)ক কাৰ্যকৰী সভাপতি; নীলৰঞ্জন শৰ্মা (বিশিষ্ট সাংবাদিক, নগাঁও)ক সম্পাদক ; ভাস্কর্যপূর্ণ গায়ন( অংশকালীন অধ্যাপক, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়) আৰু প্রিয়ম বৰা (সাধাৰণ সম্পাদক, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ছাত্র একতা সভা)ক সহঃ সম্পাদক; পুলিন হাজৰিকা (সভাপতি, বাপুজী ভৱন আৰু পুথিভঁৰাল), দ্বিপেন বৈৰাগী, (সম্পাদক, বাপুজী ভৱন আৰু পুথিভঁৰাল),ড° নৃপেন চন্দ্র দাস ( অধ্যক্ষ, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়), ড° মল্লিকা বৰা (বিভাগীয় প্রধান, অসমীয়া বিভাগ, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়), কবিতা বৰা কলিতা (প্রধান আচাৰ্য্য, শংকৰদেৱ বিদ্যা নিকেতন, পুৰনিগুদাম)ক উপদ্দেষ্টা ; সীমা সবিতা দাস (সহকাৰী অধ্যাপক, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়), ড° চন্দনা ডেকা (সহকাৰী অধ্যাপক, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়), নিহাৰিকা বৰা (অংশকালীন অধ্যাপক, সহকাৰী অধ্যাপক, ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়), ডা° ঋষেশ্বৰ ঠেঙাল শইকীয়া (সভাপতি, নগাঁও জিলা অসমীয়া সাহিত্য সম্মিলনী), ভবেন বৰা (সভাপতি, নগাঁও সদৰ সাহিত্য সম্মিলনী)ক সদস্য আৰু প্রণামিকা অধিকাৰী (সন্মিলনীৰ কেন্দ্ৰীয় সদস্য)ক কেন্দ্রীয় পর্যবেক্ষক হিচাপে লৈ এখন আদৰণী সমিতি গঠন কৰা হৈছে ৷

এই অনুষ্ঠানত তেখেতক সন্মিলনীৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, সামাজিক অনুষ্ঠান, ক্লাৱ আৰু ব্যক্তিয়ে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিব বুলি অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক ড॰ ভাস্কৰ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে ৷ সন্মিলনীয়ে অঞ্চলটোৰ সকলো ৰাইজক দল-মত-ধৰ্ম নিৰ্বিশেষে এই অনুষ্ঠানত যোগদান কৰিবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top